Personalized
Horoscope

বৃষ ৰাশিফল 2025 (Brish Rashifol 2025)

বৃষ বাৰ্ষিক ৰাশিফল 2025 ক বিশেষভাৱে বৃষ ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। বৃষ ৰাশিফল 2025 ভৱিষ্যতফলটোৱে আপোনাক জীৱনৰ ভিন ভিন দিশ যেনে কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক জীৱন, প্ৰেম জীৱন, বিবাহ, পৰিয়াল, স্বাস্থ্য আদিৰ বিষয়ে বিস্তৃত তথ্য প্ৰদান কৰিব। অৱগত কৰিব বিচাৰোঁ যে এই ৰাশিফল বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত। এতিয়া আহক আগবাঢ়ি যাওঁ আৰু আপোনাক অৱগত কৰোঁ বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল 2025 য়ে কি ভৱিষ্যতফল প্ৰদান কৰিছে? অৰ্থাৎ নতুন বৰ্ষটোৱে বৃষ ৰাশিৰ জাতকসকলৰ বাবে কি লৈ আহিব আৰু আপুনি কি কি পৰিৱৰ্তনৰ সন্মুখীন হ’ব লাগিব, এই প্ৰশ্নসমূহৰ উত্তৰ আপুনি ৰাশিফলটোত লাভ কৰিব।

বৃষ বাৰ্ষিক ৰাশিফল 2025

Read in English - Taurus Yearly Horoscope 2025

বৃষ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, জ্যোতিষশাস্ত্ৰত ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ হৈছে পৃথিৱী তত্ত্বৰ ৰাশি। বৃষ ৰাশিৰ স্বামী গ্ৰহ হৈছে শুক্ৰ দেৱতা সেয়েহে এই ৰাশিৰ জাতকসকলে সাধাৰণতে আনক সমৰ্থন কৰে আৰু স্বভাৱত তেওঁলোক কেজুৱেল হয়। বিলাসিতা আৰু সৃষ্টিশীল কৰ্মৰ প্ৰতি তেওঁলোকৰ আকৰ্ষণ থাকে। এই ৰাশিৰ স্বামী গ্ৰহ শুক্ৰ মহাৰাজ 29 জুন 2025 ৰপৰা নিজৰ ৰাশিত বিৰাজমান হ’ব। এনে পৰিস্থিতিত, এই ৰাশিৰ জাতকসকলে ইতিবাচক ফল প্ৰাপ্ত কৰিব।

বৰ্ষ 2025 ৰ সময়খিনিত ছাঁয়া গ্ৰহৰ ৰূপত ৰাহু কুম্ভ ৰাশি আৰু কেতু সিংহ ৰাশিত উপস্থিত হ’ব। যেতিয়া ৰাহু কুম্ভ ৰাশিত দশম গৃহত স্থিত হ’ব, তেতিয়া কেতু সিংহ ৰাশিত চতুৰ্থ গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, এই বৰ্ষটোৱে পূৰ্বৰ বৰ্ষটোৰ তুলনাত আপোনাক মধ্যমীয়া সফলতা প্ৰদান কৰিব। অৱশ্যে, বৃহস্পতি গ্ৰহে আপোনাক ব্যক্তিগত বিকাশৰ বাবে উৎসাহিত কৰিব। লগতে, ই ভ্ৰমণৰ প্ৰতিও আপোনাৰ আগ্ৰহ বৃদ্ধি কৰিব। যিসকল জাতকে একেলগে কেইবাটাও ভাষা শিকি আছে তেওঁলোকৰ বাবে সেয়া ভৱিষ্যতে যথেষ্ট ফলদায়ক প্ৰমাণিত হ’ব।

অৱশ্যে, বৰ্ষ 2025 ত ৰাহুৰ কুম্ভ ৰাশিত আৰু কেতুৰ সিংহ ৰাশিত উপস্থিতিয়ে আপোনাৰ জীৱনৰ সুখ-সুবিধা হ্ৰাস কৰিব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ আৰাম কম হ’ব পাৰে। ইয়াৰ উপৰিও, এই দুয়োটা গ্ৰহে আপোনাৰ কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনত লাভ কৰিবলগীয়া সফলতাক প্ৰভাৱিত কৰিব পাৰে।

আহক এতিয়া পলম নকৰি আগবাঢ়ি যাওঁ আৰু বৃষ বাৰ্ষিক ৰাশিফল 2025 ৰ বিষয়ে অৱগত হওঁ।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

বৃষ ৰাশিফল 2025 য়ে কয় যে বৰ্ষ 2025 ত বৃষ ৰাশিৰ জাতকসকলে মে’ 2025 ৰ পিছত কৰ্ম ভাল ফল লাভ কৰিব কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত স্থিত হ’ব। কেৰিয়াৰৰ কাৰক গ্ৰহ হিচাপে শনি দেৱতা মাৰ্চ 2025 ৰপৰা আপোনাৰ একাদশ গৃহত স্থিত হ’ব। এনে অৱস্থাত, ই কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ মান-সন্মান বৃদ্ধি কৰিব। লগতে, এই সময়ছোৱাত আপুনি চাকৰিৰ ক্ষেত্ৰত পদোন্নতি আৰু ইনচেণ্টিভৰ দৰে অন্যান্য লাভালাভ প্ৰাপ্ত কৰাৰ যোগ আছে।

অৱশ্যে, বৃষ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে এই ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষটোৰ দ্বিতীয়টো ভাগ অৰ্থাৎ এপ্ৰিল 2025 ৰ পিছৰ সময়খিনি কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা অধিক অনুকূল হ’ব। এই লোকসকলে কামত কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বলত স্থিৰতা লাভ কৰিবলৈ সক্ষম হ’ব যি মে’ 2025 ৰ পিছত আপোনাৰ বাবে সম্ভৱ হ’ব কাৰণ এই সময়খিনিত লাভকাৰী গ্ৰহ বৃহস্পতি আপোনাৰ দ্বিতীয় গৃহত ভাল স্থিতিত থাকিব। যেতিয়া মাৰ্চ 2025 ত শনি দেৱতা আপোনাৰ একাদশ গৃহত স্থিত হ’ব তেতিয়া ই কেৰিয়াৰৰ জৰিয়তে ধন-সম্পত্তি বৃদ্ধি কৰিব যাৰ ফলস্বৰূপে আপোনাৰ বৃত্তিগত জীৱনলৈ সুস্থিৰতা আহিব। বৰ্ষ 2024 ৰ তুলনাত এই বৰ্ষটো আপোনাৰ কেৰিয়াৰৰ দিশত লাভ কৰিবলগীয়া সফলতাৰ ক্ষেত্ৰত ভাল হ’ব আৰু ই আপোনাৰ প্ৰচেষ্টাৰ ফলস্বৰূপে হ’ব।

যিসকল জাতক চাকৰিৰ সন্ধানত আছে তেওঁলোকে মাৰ্চ 2025 ৰ পিছত নতুন চাকৰি লাভ কৰিব পাৰে। এই ধৰণৰ সুযোগৰ ফলত আপুনি সন্তুষ্ট অনুভৱ কৰিব। লগতে, এই লোকসকলে নতুন চাকৰিত পদোন্নতি আৰু অন্যান্য লাভালাভ প্ৰাপ্ত কৰিব পাৰে। আনহাতে, যেতিয়া বৃহস্পতি গ্ৰহে মে’ 2025 ত নিজৰ ৰাশি পৰিৱৰ্তন কৰি আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব, তেতিয়া ই চাকৰিত আপোনাৰ বিকাশৰ গতি দ্ৰুত কৰি তুলিব। চাকৰিৰ ক্ষেত্ৰত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। আপুনি কৰ্মক্ষেত্ৰত নিজৰ নেতৃত্ব ক্ষমতাৰ প্ৰদৰ্শন কৰিব আৰু এনে পৰিস্থিতিত, আপুনি নিজৰ এই ক্ষমতাক নিজৰ সহযোগী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সম্মুখত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

বাৰ্ষিক ৰাশিফল ভৱিষ্যতবাণীয়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত বৃষ ৰাশিৰ জাতকসকলৰ উপাৰ্জন বৰ্ষটোৰ দ্বিতীয় তিনিমাহত অৰ্থাৎ মে’ৰপৰা জুলাই পৰ্য্যন্ত সময়ছোৱাত ভালে থাকিব কাৰণ এইখিনি সময়ত মাৰ্চ 2025 ৰপৰা শনি মহাৰাজ আপোনাৰ একাদশ গৃহত স্থিত হ’ব। মে’ 2025 ৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি অনুকূল হ’ব আৰু এনে অৱস্থাত ই আপোনাৰ জীৱনলৈ ধন-সম্পত্তি কঢ়িয়াই আনিব। কিন্তু আপোনাক জনাওঁ যে বৰ্ষ 2025 ৰ প্ৰথম ছমাহ অৰ্থাৎ জানুৱাৰীৰপৰা জুনৰ সময়খিনিত আপুনি ধন হানিৰ সম্মুখীন হ’ব পাৰে। ইয়াৰ ফলস্বৰূপে, আপোনাক সাৱধানে থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে। এনে হ’ব পাৰে কাৰম বৃহস্পতি মহাৰাজ আপোনাৰ অষ্টম গৃহত স্থিত হ’ব।

বৃষ ৰাশিফল 2025 অনুসৰি ইতিবাচক দিশৰ ক্ষেত্ৰত ক’ব পাৰি যে মাৰ্চ 2025 ৰ সময়খিনিত আপোনাৰ উপাৰ্জন ধীৰে ধীৰে বৃদ্ধি হ’ব। ইয়াৰ বিপৰীতে মে’ 2025 ত হ’বলগীয়া বৃহস্পতি দেৱতাৰ পৰিবহনে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী কৰি তুলিব। এনে পৰিস্থিতিত, আপুনি পৰ্যাপ্ত পৰিমাণে ধন ৰাহি কৰিব। যদিহে আপুনি কোনো ডাঙৰ বিনিয়োগ কৰিব বিচাৰে তেনেহ’লে মে’ 2025 ৰ পিছত এই দিশত খোজ দিব পাৰে যাৰ ফলস্বৰূপে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

বাৰ্ষিক ৰাশিফল 2025 ভৱিষ্যতবাণীয়ে প্ৰকাশ কৰিছে যে বৃষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষ 2025 ৰ দ্বিতীয় ভাগ অৰ্থাৎ মে’ 2025 ৰ সময়খিনি অত্যন্ত ভাল হ’ব। এনে পৰিস্থিতিত, আপুনি ভালদৰে পঢ়া-শুনা কৰিব। শনি আৰু বৃহস্পতি এই দুয়োটা গ্ৰহে বৰ্ষ 2025 ত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰলৈ উন্নতি কঢ়িয়াই আনিব।

বৰ্ষৰ প্ৰথম ছমাহত শিক্ষাৰ্থীসকলে অধ্যয়নৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰিবৰ বাবে নিজৰ সকলো মনোযোগ অধ্য়য়নত কেন্দ্ৰিত কৰিব লাগিব। আপুনি যি অধ্যয়ন কৰে সেয়া মনত ৰখাত অসুবিধা হ’ব পাৰে। এইসমূহ সমস্যাসমূহৰ বাবে আপোনাৰ একাগ্ৰতা দুৰ্বল হ’ব পাৰে।

বৃষ ৰাশিফল 2025 অনুসৰি বৃষ ৰাশিৰ যিসকল জাতকে এডভান্স ষ্টাডিজ কৰিব বিচাৰে তেওঁলোকৰ বাবে মে’ 2025 ৰ পিছৰ সময়খিনি অনুকূল হ’ব আৰু এনে পৰিস্থিতিত, আপুনি এই সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আপোনাক অৱগত কৰিছোঁ যে মে’ৰ পূৰ্বে আপোনাৰদ্বাৰা উচ্চশিক্ষাৰ সন্দৰ্ভত গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।

অৱশ্যে, জ্ঞানৰ কাৰক গ্ৰহ বৃহস্পতিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাক নিজৰ আশীৰ্বাদ প্ৰদান কৰিব আৰু এনে পৰিস্থিতিত, বৃহস্পতিয়ে আপোনাক শিক্ষাৰ বাবে অনুপ্ৰাণিত কৰিব। সম্ভৱ হ’লে এপ্ৰিল 2025 পৰ্য্যন্ত এডভান্স ষ্টাডিজৰ সৈতে যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। এই সময়খিনিত আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

বৃষ বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে 2025 বৰ্ষত মে’ মাহৰ পিছত বৃষ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন ভাল হ’ব কাৰণ এই সময়খিনিত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ বাবে অনুকূল হ’ব। এনে পৰিস্থিতিত, আপোনাৰ ঘৰ-পৰিয়ালত সুখ-শান্তি, সৌষ্ঠৱ, পাৰস্পৰিক বুজাবুজি আদি দেখা যাব। অৱশ্যে, শনি দেৱতাৰ একাদশ গৃহত উপস্থিতিয়ে আপোনাক পৰিয়ালৰ দায়িত্ব নিজৰ কান্ধত ল’বৰ বাবে আৰু ঘৰত চলি থকা সমস্যাসমূহ দূৰ কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব।

বৃষ ৰাশিফল 2025 অনুসৰি বৃষ ৰাশিৰ জাতকসকলে এই সময়খিনিত নিজৰ সঙ্গীৰ সৈতে প্ৰেমময় সময় কটাব আৰু লগতে, আপোনালোক দুয়োৱে পৰস্পৰৰ সৈতে চিন্তা-ধাৰাসমূহ শ্যেয়াৰ কৰা দেখা যাব। এনে পৰিস্থিতিত, আপোনাক প্ৰসন্ন আৰু সন্তুষ্ট দেখা যাব। এই জাতকসকলৰ মেজাজ যথেষ্ট ভালে থাকিব আৰু ইয়াৰ ফলস্বৰূপে, আপুনি নিজৰ হাঁহিমুখীয়া স্বভাৱৰ জৰিয়তে পৰিয়ালৰ সদস্যসকলক মনোৰঞ্জন কৰিব পাৰিব যাৰ ফলস্বৰূপে তেওঁলোকক সুখী হোৱা দেখা যাব। জনাব বিচাৰিছোঁ যে মে’ 2025 ৰ সময়ছোৱাত পৰিয়ালত কোনো শুভ কাৰ্য্য অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কিন্তু, এপ্ৰিল 2025 ৰ ক্ষেত্ৰত ক’ব পাৰি যে, এইখিনি সময়ত আপুনি ঘৰ-পৰিয়ালৰ বিবাদ বা মতভেদৰ সম্মুখীন হ’ব পাৰে যি পাৰস্পৰিক বুজাবুজি আৰু মিলা-মিছাৰ অভাৱৰ ফলস্বৰূপে হ’ব পাৰে। ইয়াৰ উপৰিও, এই জাতকসকলৰ পৰিয়ালত অহংকাৰৰ সৈতে জড়িত সমস্যাৰ উদ্ভৱ হ’ব পাৰে যাৰ ফলস্বৰূপে পৰিয়ালৰ পৰিৱেশ বিনষ্ট হ’ব পাৰে।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

বৃষ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, বৃষ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে বৰ্ষ 2025 ৰ মে’ মাহৰ পিছৰ সময়খিনি উত্তম হ’ব কাৰণ এপ্ৰিল 2025 পৰ্য্যন্ত সময়ছোৱাত আপুনি প্ৰেম জীৱনত কিছু উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। লগতে, আপুনি প্ৰেমৰ সৈতে জড়িত বিষয়ত বিফলতাৰ সম্মুখীন হ’ব পাৰে। কিন্তু, মে’ 2025 ৰ পিছত আপুনি প্ৰেম জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। যদিহে আপুনি বিবাহপাশত আৱদ্ধ হ’ব বিচাৰে তেনেহ’লে মে’ৰ পিছৰ সময়খিনি এনে কৰিবৰ বাবে ভাল হ’ব, কিন্তু এই মাহৰ পূৰ্বে এনে নকৰাটো ভাল।

আনহাতে, আপোনাৰ দশম গৃহত স্থিত ৰাহু আৰু চতুৰ্থ গৃহত স্থিত কেতুৱে আপোনাৰ বৈবাহিক জীৱনত সমস্যা উৎপন্ন কৰিব পাৰে। যদিহে আপুনি বিবাহ কৰোৱাৰ কথা ভাবিছে তেনেহ’লে এপ্ৰিল 2025 পৰ্য্যন্ত এই সিদ্ধান্ত পিছুৱাই দিয়ক কাৰণ এই সময়ছোৱাক অনুকূল বুলি ক’ব পৰা নাযায়।

আপোনাৰ ৰাশি স্বামী আৰু বিবাহৰ কাৰক গ্ৰহ শুক্ৰৰ স্থিতি 29 জুন 2025ৰপৰা 26 জুলাই 2025 পৰ্য্যন্ত যথেষ্ট ভাল হ’ব। ইয়াৰ পিছত, ই 02 নৱেম্বৰৰপৰা 26 নৱেম্বৰ 2025 পৰ্য্যন্ত মজবুত স্থিতিত থাকিব। এনে পৰিস্থিতিত, ওপৰত উল্লেখ কৰা সময়ছোৱাত আপুনি ভাগ্যৰ সমৰ্থন লাভ কৰিব আৰু প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰাপ্ত কৰিব।

এই জাতকসকলৰ বাবে বিবাহক শুভ বুলি ক’ব পৰা যায়। যদিহে আপুনি বিবাহৰ বন্ধনত বান্ধ খাব বিচাৰে বা বিবাহ কৰিবৰ বাবে ইচ্ছুক, তেনেহ’লে আপুনি এই দিশত মে’ 2025 ৰ পিছত আগবাঢ়িব পাৰে কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহে আপোনাৰ দ্বিতীয় গৃহত পৰিবহন কৰিব। বৃষ ৰাশিৰ জাতকসকলে সম্পৰ্কত নিজৰ সঙ্গীৰ সৈতে উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ’ব। বৃহস্পতি গ্ৰহৰ মে’ 2025 ত হ’বলগীয়া পৰিবহনক গুৰুত্বপূৰ্ণ বুলি ক’ব পৰা যাব।

বৃষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে বৰ্ষ 2025 ত বৃষ ৰাশিৰ জাতকসকলে এপ্ৰিল 2025 পৰ্য্যন্ত নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব যি আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধক ক্ষমতাৰ বাবে হ’ব পাৰে। এনে পৰিস্থিতিত, এই লোকসকলে নিজকে আত্মবিশ্বাসী কৰাৰ লগতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত। অৱশ্যে আপোনাৰ বাবে এনে কৰাটো মে’ 2025 ৰ পিছতহে সম্ভৱ হ’ব কাৰণ বৃহস্পতি গ্ৰহে আপোনাক ভাল স্বাস্থ্য প্ৰদান কৰিব। বৃষ ৰাশিফল 2025 অনুসৰি দ্বিতীয় গৃহত বৃহস্পতি গ্ৰহৰ উপস্থিতিৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাললৈ অহা দেখা যাব। লগতে, আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতাও পূৰ্বতকৈ শক্তিশালী হ’ব।

বৃষ বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে ললিতা সহস্ৰনাম পাঠ কৰক।
  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ-হোম কৰক।
  • প্ৰতিদিনে 21 বাৰ "ওঁ গুৰুৱে নমঃ" জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

বৃষ ৰাশিৰ জাতকসকলে 2025 বৰ্ষত নতুন চাকৰি লাভ কৰাৰ সম্ভৱনা আছে নে?

মাৰ্চ 2025 ৰ পিছত বৃষ ৰাশিৰ জাতকসকলে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে।

2025 বৰ্ষত কোন ৰাশিৰ জাতকসকল সকলোতকৈ সৌভাগ্যশালী হ’ব?

2025 বৰ্ষত বৃষ, মিথুন, মকৰ, আৰু মীন ৰাশিৰ জাতকসকল সকলোতকৈ ভাগ্যশালী হ’ব।

2025 বৰ্ষত বৃষ ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন কেনে হ’ব?

2025 ত বৃষ ৰাশিৰ জাতকসকলৰ উপাৰ্জন মে’ৰপৰা জুলাই পৰ্য্যন্ত সময়ছোৱাত ভালে থাকিব।

2025 বৰ্ষত বৃষ ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱন কেনে হ’ব?

মে’ 2025 ৰ পিছত এইসকল লোকে প্ৰেম জীৱনত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।