Personalized
Horoscope

বৃশ্চিক ৰাশিফল 2025 (Brishchik Rashifol 2025)

MyKundali ৰদ্বাৰা প্ৰস্তুত কৰা এই বিশেষ বৃশ্চিক ৰাশিফল 2025 বিশেষভাৱে বৃশ্চিক ৰাশিৰ জাতকসকল বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলৰ অধীনত নতুন বৰ্ষ অৰ্থাৎ 2005 ৰ তুলা ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশ যেনো কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত ফল প্ৰদান কৰিব। আপোনাক জনাব বিচাৰিছোঁ যে এই ৰাশিফল বৈদিক জ্যোতিষৰ ওপৰত আধাৰিত। এই ভৱিষ্যতফলৰ মাধ্যমেৰে আপুনি জানিব পাৰিব এই নতুন বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব? এই বৰ্ষটোত আপুনি জীৱনত ইতিবাচক ফল লাভ কৰিব নে? এই সকলোবোৰ তথ্য আপুনি তুলা বাৰ্ষিক ৰাশিফলত প্ৰাপ্ত কৰিব।

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025

Read in English - Scorpio Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ অষ্টম ৰাশি হৈছে বৃশ্চিক যি প্ৰাকৃতিক স্বভাৱৰ জলতত্ত্বৰ ৰাশি। এই ৰাশিৰ ওপৰত সাহস আৰু দৃঢ়তাৰ কাৰক গ্ৰহ মঙ্গলৰ স্বামীত্ব থাকে। বৃশ্চিক ৰাশিৰ সম্বন্ধ গুঢ় বিজ্ঞানৰ সৈতে আছে বুলি গণ্য কৰা হয়। বৰ্ষ 2025 ৰ প্ৰথম ভাগ অৰ্থাৎ মাৰ্চ2025 পৰ্য্যন্ত সময়খিনিয়ে আপোনাক মধ্যমীয়া ফল প্ৰদান কৰিব কিয়নো শনি মহাৰাজ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব। কিন্তু, 29 মাৰ্চ 2025 ৰপৰা শনি গ্ৰহে আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু এই গ্ৰহৰ এই স্থিতি সন্তুষ্টি আৰু উন্নতিৰ দিশৰপৰা যথেষ্ট ভাল হ’ব। বৃশ্চিক ৰাশিৰ জাতকসকলে বৰ্ষ 2025 ত কেৰিয়াৰ, আৰ্থিক জীৱন, প্ৰেম জীৱন আদি ক্ষেত্ৰসমূহত অনুকূল ফল লাভ কৰিব কাৰণ এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি মহাৰাজৰ সপ্তম গৃহত স্থিতিক আপোনাৰ বাবে শুভ বুলি ক’ব পৰা যাব। এই বৰ্ষৰ আৰম্ভণিৰ প্ৰথম চাৰিমাহক আপোনাৰ বাবে উত্তম বুলি ক’ব পৰা যাব কিয়নো বৃহস্পতি দেৱতা আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। এই সময়ছোৱা ভাল পৰিমাণৰ ধন উপাৰ্জনৰ বাবে ফলদায়ক হ’ব।

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 য়ে সংকেত প্ৰদান কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল পৰ্য্যন্ত সময়খিনিয়ে আপোনাৰ ধন-সম্পত্তি বৃদ্ধি কৰিব। লগতে, আপুনি ধনৰ সঞ্চয় কৰাৰ লগতে ধন উপাৰ্জন কৰিবলৈও সক্ষম হ’ব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এপ্ৰিল 2025 ৰ সময়খিনি আপোনাৰ বাবে অত্যন্ত ভাল হ’ব আৰু এনে পৰিস্থিতিত, আপুনি ভাল লাভ প্ৰাপ্ত কৰিব। যিসকল জাতকে কোনো নতুন ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকৰ বাবে এইছোৱা সময় শ্ৰেষ্ঠ হ’ব। এই সময়খিনিত কৰা ব্যৱসায়ে আপোনাক ভাল লাভ প্ৰদান কৰিব যাৰদ্বাৰা আপুনি সন্তুষ্ট অনুভৱ কৰিব।

এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত বৃশ্চিক ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু এই প্ৰৱন্ধটোৰ মাধ্যমেৰে বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

বৃশ্চিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ মাৰ্চ পৰ্য্যন্তসময়খিনি আপোনাৰ কেৰিয়াৰৰ কাৰক গ্ৰহ শনি চতুৰ্থ গৃহত বিৰাজমান হ’ব। অৱশ্য়ে, মাৰ্চ 2025 ৰ পিছৰপৰা শনি গ্ৰহে পৰিবহন কৰি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব আৰু ইয়াত শনিৰ স্থিতিক মধ্যমীয়া বুলি ক’ব পৰা যায়। এনে পৰিস্থিতিত, যোৱাটো বৰ্ষ অৰ্থাৎ 2024 ৰ তুলনাত শনিয়ে আপোনাক কিছু উন্নত ফলাফল প্ৰদান কৰিব যাৰ বাবে আপুনি সন্তুষ্টি লাভ কৰিব। অৱশ্যে, পঞ্চম গৃহত শনিৰ উপস্থিতিয়ে আপোনাক এলেহুৱা কৰি তুলিব আৰু প্ৰয়োজনতকৈ আপোনাক অধিক ভাবিবলৈ বাধ্য কৰাব।

বৰ্ষ 2025 ৰ সময়খিনিত আপুনি যি কামেই কৰিব সেই কামত কৰা পৰিশ্ৰমক আপোনাৰ জ্যেষ্ঠ্য বিষয়াসকলে স্বীকৃতি প্ৰদান কৰিব। কিন্তু, এই স্বীকৃতি আপুনি পলমকৈ লাভ কৰিব পাৰে। এই সময়ছোৱাত আপুনি নিজৰ কেৰিয়াৰক লৈ যথেষ্ট চিন্তিত হোৱা দেখা যাব।

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে এপ্ৰিল 2025 পৰ্য্যন্ত আপুনি চাকৰিৰ নতুন সুযোগ লাভ কৰিব আৰু আপোনালোকৰ কোনো কোনোৱে বিদেশৰপৰা চাকৰিৰ সুযওগ লাভ কৰিব পাৰে যাৰ জৰিয়তে আপুনি উন্নতি লাভ কৰিব। আনহাতে বৃশ্চিক ৰাশিৰ জাতকসকলে নিজৰ যোগ্যতা আৰু দক্ষতা চিনাক্ত কৰি সেইবোৰৰ সঠিক প্ৰয়োগ কৰিবলৈ সক্ষম হ’ব।

যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এই সময়ছোৱাত মধ্যমীয়া ফলাফল লাভ কৰিব পাৰে আৰু তেওঁলোকৰ লাভালাভো সীমিত হ’ব পাৰে। যদিহে আপুনি অধিক লাভ প্ৰাপ্ত কৰিব বিচাৰে তেনেহ’লে আপুনি ব্যৱসায়ৰ ৰণনীতি সলনি কৰিব লাগিব। অৱশ্যে, এপ্ৰিল 2025 পৰ্য্যন্ত ব্যৱসায়ত আপোনাৰ স্থিতি যথেষ্ট ভাল হ’ব কাৰণ এইখিনি সময়ত বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম গৃহত স্থিত হ’ব।

শনি মহাৰাজ 13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 ৰ সময়খিনিত পশ্চাদগামী অৱস্থালৈ গমন কৰিব। এনে পৰিস্থিতিত, এই জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফল লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলস্বৰূপে, আপোনাৰ বিকাশৰ গতি মন্থৰ হ’ব পাৰে। লগতে, আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি হ’ব পাৰে। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই সময়খিনিক নতুন ব্যৱসায় আৰনম্ভ কৰিবৰ বাবে বা ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে ভাল বুলি ক’ব পৰা নাযায়। ইয়াৰ উপৰিও 22 ফেব্ৰুৱাৰী 2025 ৰপৰা 31 মাৰ্চ 2025 ৰ ভিতৰত আপুনি কেৰিয়াৰৰ প্ৰতি যথেষ্ট মনোযোগ দিয়াৰ আৱশ্যকতা আছে কিয়নো এই সময়খিনিত উত্তম ফল লাভ কৰাটো আপোনাৰ বাবে সম্ভৱ নহ’বও পাৰে।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত বৃশ্চিক ৰাশিৰ জাতকসকলৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণে ধনৰ আগমন ঘটিব কাৰণ এই সময়ছোৱাত আপুনি যথেষ্ট পৰিমাণে ধনন লাভ কৰিব। এনে পৰিস্থিতিত, আপুনি ধন সঞ্চয় কৰিবও পাৰিব।

অৱশ্যে, এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি দেৱতা সপ্তম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰিব। বৃহস্পতি মহাৰাজৰ এই স্থিতিৰ ফলস্বৰূপে আপুনি ভাল পৰিমাণৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব। কিন্তু, আপোনাৰ ব্যয় বৃদ্ধি হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি ধন সঞ্চয় কৰাটো কিছু জটিলো হ’ব। ইয়াৰ বিপৰীতে মাৰ্চ 2025 ৰপৰা শনি আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত আপুনি ভৱিষ্যতৰ বাবে ধন উপাৰ্জন কৰাৰ লগতে সেয়া সঞ্চয় কৰাক লৈ চিন্তিত হ’ব পাৰে।

বৃশ্চিক ৰাশিফল 2025 অনুসৰি ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৰ ক্ষেত্ৰত দেখা যায় যে ৰাহু আপোনাৰ চতুৰ্থ গৃহত আৰু কেতু আপোনাৰ দশম গৃহত স্থিত হৈ আপোনাক ধন উপাৰ্জন কৰিবৰ বাবে সক্ষম কৰি তুলিব। কিন্তু, এই সময়ছোৱাত আপুনি যথেষ্ট পৰিমাণৰ ধন পৰিয়ালৰ বাবে খৰচ কৰিবলগীয়া হ’ব পাৰে।

আমি আপোনাক ইতিমধ্যে কৈছোঁৱেই যে বৃহস্পতি গ্ৰহ এপ্ৰিল 2025 পৰ্য্যন্ত আপোনাৰ সপ্তম গৃহত উপস্থিত হ’ব যি আপোনাৰ বাবে ধন অৰ্জন কৰাৰ আৰু সঞ্চয় কৰাৰ পথ প্ৰশস্ত কৰি তুলিব। এনে পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস শক্তিশালী হ’ব আৰু পূৰ্বৰ তুলনাত আপুনি নিজৰ আৰ্থিক স্থিতি অধিক ভালদৰে চম্ভালিবলৈ সক্ষম হ’ব।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰ কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনি বৃশ্চিক ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ দৃষ্টিকোণৰপৰা ভাল হ’ব কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। মে’ 2025 ৰ পিছত বৃহস্পতি গ্ৰহে পৰিবহন কৰি আপোনাৰ অষ্টম গৃহত প্ৰৱেশ কৰিব সেয়েহে আপোনাক পঢ়া-শুনাত মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

জনাব বিচাৰিছোঁ যে বৰ্ষ 2025 ৰ ফেব্ৰুৱাৰী মাহ পৰ্য্যন্ত শনি দেৱতা আপোনাৰ চতুৰ্থ গৃহত বিৰাজমান হ’ব আৰু ইয়াৰ পিছত মাৰ্চৰপৰা ই আপোনাৰ পঞ্চম গৃহত উপস্থিত হ’ব যি আপোনাৰ বাবে এক নিৰপেক্ষ গ্ৰহ। আমি আপোনাক অৱগত কৰাৰ দৰে চতুৰ্থ গৃহত শনি স্থিত হোৱাৰ ফলস্বৰূপে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি মন্থৰ হোৱাৰ আশংকা আে। লগতে, আপোনাৰ একাগ্ৰতাও দুৰ্বল হ’ব পাৰে।

বৃশ্চিক ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025 ৰ পিছত শনি মহাৰাজ আপোনাৰ চতুৰ্থ গৃহৰ স্বামী হিচাপে আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, নতুন ক্ষেত্ৰত উচ্চ শিক্ষা প্ৰাপ্ত কৰিবৰ বাবে আপোনাৰ ৰূচি দেখা যাব।

ছাঁয়া গ্ৰহ ৰাহু আপোনাৰ চতুৰ্থ আৰু কেতু দশম গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, এই শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন ভাল হ’ব। কেতু এই গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ ৰূচি অধ্যয়নৰ প্ৰতি বৃদ্ধি হ’ব।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল পৰ্য্যন্ত সময়খিনিক বৃশ্চিক ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল বুলি ক’ব পৰা যায় কাৰণ বৃহস্পতি মহাৰাজ সপ্তম গৃহত ভাল স্থিতিত থাকিব। এনে পৰিস্থিতিত, আপোনাৰ ঘৰ-পৰিয়ালত প্ৰেম আৰু সৌহাৰ্দ্য অটুত থাকিব। কিন্তু, যেতিয়া বৃহস্পতি গ্ৰহ মে’ 2025 ৰ পিছত পৰিবহন কৰি আপোনাৰ অষ্টম গৃহত প্ৰৱেশ কৰিব তেতিয়া পৰিস্থিতিৰ পৰিৱৰ্তন হোৱা দেখা যাব।

আনহাতে, এই জাতকসকলৰ পৰিয়ালত আইনী বিবাদ বা সম্পত্তিৰ সৈতে জড়িত সমস্যা দেখা যাব পাৰে। ইয়াৰ ফলস্বৰূপে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে আৰু লগতে, আপোনাৰ কথা-বতৰাও নিয়ন্ত্ৰণত ৰখা উচিত, অন্যথা আপুনি কোনো অপশব্দৰ প্ৰয়োগ কৰিব পাৰে। শনি মহাৰাজ আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত, পৰিয়ালৰ সৈতে জড়িত সিদ্ধান্ত লোৱাত আপুনি বিলম্ব কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে, আপুনি পাৰিবাৰিক জীৱনত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

বৃশ্চিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনি সেইসকল জাতকৰ বাবে উত্তম হ’ব যিসকলে বিবাহ-বন্ধনত সোমাব বিচাৰে। কিন্তু, যিসকল জাতক পূৰ্বৰেপৰাই বিবাহিত তেওঁলোকৰ বৈবাহিক জীৱন এপ্ৰিল 2025 পৰ্য্যন্ত ভাল হ’ব। মে’ 2025 ৰ পিছত আপুনি জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত সমস্যাৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে, এপ্ৰিল মাহ পৰ্য্যন্ত আপোনাৰ প্ৰেম জীৱন ভালে থাকিব।

চতুৰ্থ গৃহৰ স্বামী হিচাপে শমি মহাৰাজ আপোনাৰ পঞ্চম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে এই বৰ্ষটোক আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে অনুকূল বুলি ক’ব পৰা যাব। কিন্তু, মে’ 2025 ৰপৰা ৰাহু চতুৰ্থ গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কলৈ সমস্যা আহিব পাৰে।

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025 অনুসৰি শুভ গ্ৰহ হিচাপে বৃহস্পতি মহাৰাজৰ সপ্তম গৃহত স্থিতিয়ে এপ্ৰিল 2025 পৰ্য্যন্ত আপোনাৰ বৈবাহিক জীৱনক সুখ-আনন্দ আৰু প্ৰেমেৰে পৰিপূৰ্ণ কৰি তুলিব। এনে পৰিস্থিতিত, আপোনাৰ সম্পৰ্ক সঙ্গীৰ সৈতে মধুৰ হ’ব কিন্তু মে’ 2025 ৰ পিছত আপোনাৰ সম্পৰ্কক লৈ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ’ব পাৰে কাৰণ বৃহস্পতি আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

বৃশ্চিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত বৃশ্চিক ৰাশিৰ জাতকসকলৰ সাস্থ্য এপ্ৰিল মাহ পৰ্য্যন্ত ভাল থাকিব কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। ইয়াৰ উপৰিও মাৰ্চ 2025 ৰপৰা শনি পঞ্চম গৃহত স্থিত হ’ব যাৰ ফলস্বৰূপে আপুনি সজীৱ হৈ থাকিব।

ছাঁয়া গ্ৰহ ৰাহু আপোনাৰ চতুৰ্থ গৃহত আৰু কেতু দশম গৃহত স্থিত হ’ব আৰু ইয়াৰ ফস্বৰূপে আপোমাৰ স্বাস্থ্য মধ্যমীয়া হৈ থাকিব। কিন্তু আপোনাৰ ভৰি আৰু গাঁঠিৰ বিষ হ’ব পাৰে।

সপ্তম গৃহত বৃহস্পতি গ্ৰহ উপস্থিত হ’ব যি আপোনাৰ স্বাস্থ্য উত্তম কৰি ৰাখিব। লগতে, আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। কিন্তু, মে’ 2025 ত বৃহস্পতি অষ্টম গৃহত প্ৰৱেশ কৰাৰ ফলস্বৰূপে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ’ব পাৰে আৰু ই আপোনাৰ বাবে সমস্যাৰ কৰাণ হৈ পৰিব পাৰে।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

বৃশ্চিক বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • হনুমান জীৰ আশীৰ্বাদ প্ৰাপ্ত কৰিবৰ বাবে প্ৰতিদিনে হনুমান চালিশা পাঠ কৰক।
  • দেৱী দুৰ্গাৰ বাবে শনিবাৰে যজ্ঞ/হোম কৰক।
  • শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

2025 ৰ কোনখিনি সময় বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে দুৰ্বল হ’ব?

শনিৰ পশ্চাদগামী অৱস্থাৰ সময়খিনিত বৃশ্চিক ৰাশিৰ জাতকসকলে মধ্যমীয়া ফল লাভ কৰিব।

বৃশ্চিক ৰাশিৰ জাতকসকলৰ সমস্যাৰ কেতিয়া অন্ত পৰিব?

বৃশ্চিক ৰাশিৰ জাতকসকলৰ ধেইয়া 29 এপ্ৰিল 2022 ত আৰম্ভ হৈ 29 মাৰ্চ 2025 ত শেষ হ’ব। 3. বৃশ্চিক ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন 2025 ত কেনে হ’ব?

বৃশ্চিক ৰাশিৰ জাতকসকলৰ হাতলৈ এপ্ৰিল 2025 পৰ্য্যন্ত ভাল মাত্ৰাত ধনৰ আগমন ঘটিব।

4. বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে কোন ভগৱানৰ পূজা কৰাটো শুভ হ’ব?

এই ৰাশিৰ জাতকসকলৰ বাবে হনুমানজীৰ পূজা কৰাটোক সৰ্বশ্ৰেষ্ট বুলি ক’ব পৰা যায়।