Personalized
Horoscope

ধনু ৰাশিফল 2025 (Dhanu Rashifol 2025)

এই বিশেষ ধনু ৰাশিফল 2025 প্ৰৱন্ধটো বিশেষভাৱে ধনু ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ভৱিষ্যতফলৰ সহায়ত আপুনি আগন্তুক বৰ্ষ অৰ্থাৎ বৰ্ষ 2025 ৰ ধনু ৰাশিৰ জীতকসকলৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক জীৱন, প্ৰেম জীৱন, বিবাহ, স্বাস্থ্য আৰু পৰিয়ালৰ বিষয়ে বিস্তৃত তথ্য প্ৰাপ্ত কৰিব। এই বৰ্ষত আপুনি জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন দেখা পাব? আপোনাৰ বাবে এই বৰ্ষটো শুভ হ’ব নে আপুনি বিভিন্ন সমস্যাৰ সম্মুখীন হ’ব লাগিব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি ধনু বাৰ্ষিক ৰাশিফল 2025 ত প্ৰাপ্ত কৰিব।

ধনু বাৰ্ষিক ৰাশিফল 2025

Read in English - Sagittarius Yearly Horoscope 2025

বৈদিক জ্যোতিষ অনুসৰি, ৰাশিচক্ৰৰ নৱম ৰাশি ধনু ৰাশি হৈছে অগ্নি তত্ত্বৰ ৰাশি। এই ৰাশিৰ স্বামী হৈছে সমৃদ্ধিৰ কাৰক গ্ৰহ বৃহস্পতি আৰু ই আধ্যাত্মিকতাক প্ৰতিনিধিত্ব কৰে। এনে পৰিস্থিতিত, বৰ্ষ 2025 য়ে কেৰিয়াৰ, প্ৰেম আৰু আৰ্থিক জীৱনৰ বাবে মধ্যমীয়া ফল কঢ়িয়াই আনিব কাৰণ এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। অৱশ্যে, মে’ 2025 ৰ পিছত ই পৰিবহন কৰি আপোনাৰ সপ্তম গৃহত প্ৰৱেশ কৰিব আৰু এই গ্ৰহৰ এই স্থিতি আপোনাৰ বাবে শুভ হ’ব।

আনহাতে, ধনু বাৰ্ষিক ৰাশিফল 2025 অনুসৰি ফেব্ৰুৱাৰী 2025 ৰ শেষলৈকে শনি দেৱতা আপোনাৰ তৃতীয় গৃহত স্থিত হ’ব যি আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব। মাৰ্চ 2025 ত হ’বলগীয়া শনি গ্ৰহৰ পৰিবহন আপোনাৰ চতুৰ্থ গৃহত হ’ব আৰু ইয়াৰ এই স্থিতিয়ে আপোনাৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। ছাঁয়া গ্ৰহ ৰাহু চতুৰ্থ গৃহত আৰু কেতু দশম গৃহত উপস্থিত হোৱাটোক আপোনাৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায়।

ধনু বাৰ্ষিক ৰাশিফল 2025 অনুসৰি চতুৰ্থ গৃহত স্থিত শনি গ্ৰহ আৰু মে’ 2025 ৰ পিছত সপ্তম গৃহত বৃহস্পতি, 18 মে’ৰপৰা ৰাহু তৃতীয় আৰু কেতু নৱম গৃহত স্থিত হৈ আপোনাক শুভ আৰু অশুভ দুয়োটা ফলেই প্ৰদান কৰিব। বৰ্ষটোৰ দ্বিতীয় ভাগ অৰ্থাৎ মে’ৰ পিছৰ সময়খিনি আপোনাৰ বাবে সুখময় হ’ব কিয়নো আপোনাৰ ৰাশি স্বামী গ্ৰহ সপ্তম গৃহত বিৰাজমান হ’ব।

এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত ধনু ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু ধনু বাৰ্ষিক ৰাশিফল 2025 প্ৰৱন্ধটোৰ মাধ্যমেৰে ধনু ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

ধনু ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে বৰ্ষ 2025 ৰ ফেব্ৰুৱাৰী মাহ পৰ্য্যন্ত সময়খিনি ধনু ৰাশিৰ জাতকসকলে কেৰিয়াৰৰ ক্ষেত্ৰত অপৰিসীম সফলতা প্ৰাপ্ত কৰিব কাৰণ শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত স্থিত হ’ব। অৱশ্যে, মাৰ্চ 2025 ত শেষ হ’বলগীয়া শনি পৰিবহন আপোনাৰ চতুৰ্থ গৃহত হ’ব আৰু এই গ্ৰহৰ এই স্থিতিয়ে ধেইয়া নিৰ্মাণ কৰিব। এনে পৰিস্থিতিত আপোনাৰ কেৰিয়াৰত বাধা আৰু সমস্যা উৎপন্ন হ’ব পাৰে। আশংকা কৰা হৈছে যে কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ নকৰিব পাৰে যি আপোনাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিব পাৰে।

এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনি কেৰিয়াৰৰ বাবে প্ৰত্যাহ্বানজনক হ’ব পাৰে কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত উপস্থিত হ’ব। ইয়াৰ ফলস্বৰূপে, আপোনাৰ চাকৰিৰ পৰিৱৰ্তন বা স্থানান্তৰ হ’ব পাৰে। ইয়াৰ বিপৰীতে ৰাহু আৰু কেতু আপোনাৰ তৃতীয় আৰু নৱম গৃহত উপস্থিত হৈ কেৰিয়াৰত আপোনাক সফলতা প্ৰদান কৰিব। লগতে আপোনাক ভাল সুযোগো প্ৰজান কৰিব। যদিহে আপোনাৰ নিজৰ ব্যৱসায় আছে তেনেহ’লে ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে অত্যন্ত ভাল হ’ব। মাৰ্চ 2025 ৰ পিছত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু মে’ 2025 ৰ পিছত বৃহস্পতি দেৱতাই আপোনাক ইতিবাচক ফলাফল প্ৰদান কৰা আৰম্ভ কৰিব।

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

ধনু বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত ধনু ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন সিমান ভাল নহ’ব কাৰণ বৃহস্পতি দেৱতা আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত আপোনাৰ ব্য়য় বৃদ্ধি পাব পাৰে আৰু লগতে আপোনাৰ ঋণৰ বোজা বৃদ্ধি হ’ব পাৰে।

আনহাতে, মাৰ্চ 2025 ৰ শেষত শনি দেৱতাই আপোনাৰ চতুৰ্থ গৃহত পৰিবহন কৰিব। ইয়াৰ ফলস্বৰূপে আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, ৰাহু আৰু কেতুৱে আপোনাৰ আৰ্থিক স্থিতিক সকাহ প্ৰদান কৰিব।

এপ্ৰিল 2025 পৰ্য্যন্ত ধনু ৰাশিৰ জাতকসকলে ব্যয়ৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি চলা উচিত, অন্যথা আপোনাৰ সুখ-সুবিধা হ্ৰাস পাব পাৰে যাৰ বাবে আপুনি ঋণ ল’বলৈ বাধ্য হ’ব পাৰে। এই সময়খিনিত আপোনাৰ ধনৰ সৈতে জড়িত আঁচনি প্ৰস্তুত কৰি চলিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। আপোনাক জনাওঁ যে মে’ 2025 ৰপৰা বৃহস্পতি মহাৰাজ আপোনাৰ সপ্তম গৃহত উপস্থিত হোৱাৰ ফস্বৰূপে আপোনাৰ ধনৰ প্ৰৱাহ ভাল হ’ব আৰু এনে পৰিস্থিতিত আপুনি সঞ্চয় কৰিবলৈও সক্ষম হ’ব।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰ কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

ধনু বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত বৃহস্পতি দেৱতা আপোনাৰ ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে ধনু ৰাশিৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনিক অনুকূল বুলি ক’ব পৰা নাযায়। ধনু বাৰ্ষিক ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025 ৰপৰা শনি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব আৰু এই গ্ৰহৰ এই স্থিতিক শিক্ষাৰ বাবে ভাল বুলি ক’ব পৰা নাযায়। এই সময়খিনিত চাপৰ বাবে আপোনাৰ মনোযোগ পঢ়া-শুনাৰপৰা ভংগ হ’ব পাৰে। কিন্তু, মে’ 2025 ৰ পিছৰ সময়খিনিত আপুনি শিক্ষাত সুন্দৰ প্ৰদৰ্শন কৰাৰ আশা ৰাখিব পাৰে আৰু এনে পৰিস্থিতিত আপুনি সফতা লাভ কৰাৰ সম্ভাৱনা আছে।

মে’ 2025 ৰ সময়খিনি উচ্চ শিক্ষাৰ দৃষ্টিকোণৰপৰা যথেষ্ট ভাল হ’ব কাৰণ বৃহস্পতি আপোনাৰ সপ্তম গৃহত পৰিবহন কৰিব। ইয়াৰ ফলস্বৰূপে যদিহে আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰিব বিচাৰে তেনেহ’লে এই সময়খিনিত আপুনি এনে কৰিব পাৰে। আমি আপোনাক ইতিমধ্যে অৱগত কৰাৰ দৰে এই বৰ্ষত ৰাহু আৰু কেতু দুয়োটা গ্ৰহে আপোাৰ সমৰ্থন কৰিব। কিন্তু, ধনু ৰাশিফল 2025 অনুসৰি মে’ৰ পূৰ্বৰ সময়খিনিত অৰ্থাৎ এপ্ৰিল 2025 পৰ্য্যন্ত আপোনাক মনপুতি পঢ়া-শুনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে কিয়নো এই সময়খিনিত বৃহস্পতি মহাৰাজ আপোনাৰ ষষ্ঠ গৃহত আৰু শনি গ্ৰহ চতুৰ্থ গৃহত বিৰাজমান হ’ব। এই কাৰণবশতঃ আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে আৰু আপোনাৰ মন পঢ়া-শুনাৰপৰা বিচলিত হ’ব পাৰে।

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

ধনু ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত ধনু ৰাশিৰ জাতকসকলে পাৰিবাৰিত জীৱনত চাপৰ সম্মুখীন হ’ব পাৰে যাৰ কাৰণ পাৰস্পৰিক বুজাবুজিৰ অভাৱ হ’ব পাৰে। শনি আপোনাৰ চতুৰ্থ গৃহত আৰু বৃহস্পতি গ্ৰহ ষষ্ঠ গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি পৰিয়ালৰ সৈতে মিলা-মিছা কৰিবলৈ চেষ্টা কৰা উচিত। এই দৰে, ৰাহু আৰু কেতু আপোনাৰ তৃতীয় গৃহ আৰু নৱম গৃহত স্থিত হৈ ঘৰ-পৰিয়ালত সৌহাৰ্দ্য বৰ্ত্তাই ৰাখিব। যদিহে আপুনি পাৰিবাৰিক জীৱনত ইতিবাচক ফল লাভ কৰিব বিচাৰে তেনেহ’লে ইয়াৰ বাবে আপুনি মে’ 2025 পৰ্য্যন্ত অপেক্ষা কৰিব লাগিব কাৰণ বৃহস্পতি দেৱতা আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, এই স্থিতিক আপোনাৰ বাবে ফলদায়ক বুলি ক’ব পৰা যায়।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

ধনু বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত ধনু ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন মধ্যমীয়া হৈ থকাৰ সম্ভাৱনা আছে কিয়নো বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। লগতে, মাৰ্চ 2025 মাহৰপৰা শনিয়ে আপোনাৰ চতুৰ্থ গৃহত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত, আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত আৱেগিক উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। ধনু ৰাশিৰ জাতকসকলক শুক্ৰ গ্ৰহে 29 জুন 2025 ৰপৰা 26 জুলাই 2025 আৰু 02 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 ৰ সময়ছোৱাত উত্তম ফল প্ৰদান কৰিব আৰু ইয়াৰ ফলস্বৰূপে, এই সময়খিনিক প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে উত্তম বুলি ক’ব পৰা যাব।

ধনু ৰাশিফল 2025 অনুসৰি এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব যি আপোনাৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। শনি চতুৰ্থ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ মনত সম্পৰ্কৰ প্ৰতি অৰূচি ভাৱ জাগ্ৰত হ’ব পাৰে। মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ সপ্তম গৃহত হ’ব আৰু ইয়াৰ ফলস্বৰূপে, জাতকসকলক নতুন সম্পৰ্কত সোমাব পাৰে। লগতে, বিবাহৰো প্ৰৱল যোগ আছে। এই গৃহত স্থিত বৃহস্পতি গ্ৰহে আপোনাৰ প্ৰেম জীৱন আৰু বিবাহ-বন্ধনত বান্ধ খোৱাৰ আশাক উজ্জীৱিত কৰি ৰাখিব। যিসকল জাতকে এপ্ৰিল 2025 ৰ পূৰ্বে বিয়াত বহাৰ কথা ভাবিছে তেওঁলোকৰ সম্পৰ্কত প্ৰেম আৰু আকৰ্ষণ সজীৱ হৈ থাকিব।

ধনু ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

ধনু বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত যেতিয়া শনি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহ আৰু এপ্ৰিল মাহ পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব, সেই সময়খিনি আপোনাৰ বাবে বিশেষ অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে, ধনু ৰাশিফল 2025 অনুসৰি মে’ 2025 ত বৃহস্পতি গ্ৰহে পৰিবহন কৰি আপোনাৰ সপ্তম গৃহত প্ৰৱেশ কৰিব আৰু তেতিয়া আপোনাৰ স্বাস্থ্য ভালে থাকিব। এইখিনি সময়ত আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা শক্তিশালী হ’ব আৰু আপুনি পুণৰ এবাৰ সতেজ অনুভৱ কৰিব।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

ধনু বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • কেতু গ্ৰহৰ বাবে মঙ্গলবাৰে যজ্ঞ/হোম কৰক।
  • প্ৰতিদিনে “ঔঁ গুৰৱে নমঃ” 21 বাৰ জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

বৰ্ষ 2025 ত ধনু ৰাশিৰ জাতকসকলৰ বাবে ভাল সময় আহিব নে?

ধনু ৰাশিৰ জাতকসকলৰ বাবে ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত সময়খিনি কেৰিয়াৰৰ ক্ষেত্ৰত শুভ হ’ব।

ধনু ৰাশিৰ জাতকসকলে কোন ভগৱানৰ পূজা কৰা উচিত?

ধনু ৰাশিৰ জাতকসকলৰ বাবে ভগৱান বিষ্ণুৰ পূজা কৰাটো শ্ৰেষ্ঠ হ’ব।

2025 ত ধনু ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱন কেনে হ’ব?

ধনু ৰাশিৰ জাতকসকলৰ প্ৰেম জীৱন 29 জুন 2025 ৰপৰা 26 জুলাই 2025 আৰু 02 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 ৰ ভিতৰত ভাল হ’ব।

ধনু ৰাশিৰ জাতকসকলৰ বাবে কি কাম কৰাটো ভাল হ’ব?

এই ৰাশিৰ জাতকসকলে নাটক, ললিত কলা, সোণ-ৰূপৰ ব্যৱসায়, মেনেজাৰ, হোটেল আদি বৃত্তিত সফলতা লাভ কৰিব পাৰিব।