Personalized
Horoscope

কন্যা ৰাশিফল 2025 (Kanya Rashifol 2025)

এই বিশেষ কন্যা ৰাশিফল 2025 কন্যা ৰাশিৰ জাতকসকলৰ বৰ্ষ 2005ৰ প্ৰতি মনোযোগ ৰাখি প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলৰ অধীনত নতুন বৰ্ষ অৰ্থাৎ 2005 ৰ কন্যা ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশ যেনো কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত ফল প্ৰদান কৰিব। এই নতুন বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব? এই সকলোবোৰ তথ্য আপুনি কন্যা বাৰ্ষিক ৰাশিফলত প্ৰাপ্ত কৰিব।

কন্যা বাৰ্ষিক ৰাশিফল 2025

Read in English - Virgo Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ ষষ্ঠ ৰাশি হৈছে কন্যা ৰাশি যি পৃথিৱী তত্ত্বৰ ৰাশি। কন্যা ৰাশিৰ স্বামী হৈছে বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহ। ই বুদ্ধিমত্তা, তৰ্ক, বিশ্লেষণাত্মক ক্ষমতা আদিক প্ৰতিনিধিত্ব কৰে। বৰ্ষ 2025 ৰ মে’ৰ পিছৰ সময়খিনিয়ে কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ, আৰ্থিক জীৱন আৰু প্ৰেম জীৱনলৈ অনুকূল ফল কঢ়িয়াই আনিব কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহৰ পৰিবহন হ’ব।

কন্যা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বৰ্ষত শনি মহাৰাজ আপোনাৰ সপ্তম গৃহত স্থিত হ’ব। লগতে, ছাঁয়া গ্ৰহ হিচাপে জনাজাত ৰাহু আৰু কেতুৰ স্থিতিও অনুকূল নোহোৱাৰ সম্ভাৱনা আছে। জনাব বিচাৰিছোঁ যে মে’ 2025 ৰপৰা ৰাহু দেৱতা আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব আনহাতে কেতু গ্ৰহ দ্বাদশ গৃহত স্থিত হ’ব। অৱশ্যে, মে’ 2025 পৰ্য্যন্ত সময়খিনিত আপুনি কৰ্মত শুভ ফল লাভ কৰিব। ষষ্ঠ গৃহত ৰাহুৰ স্থিতিয়ে আপোনাক সাহস প্ৰদান কৰিব আৰু এনে পৰিস্থিতিত ভাল সফলতা প্ৰাপ্ত কৰিবলৈ আপুনি সক্ষম হ’ব।

কন্যা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি 13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 ৰ সময়খিনিত শনি দেৱতা পশ্চাদগামী অৱস্থাত থাকিব। এনে পৰিস্থিতিত, কন্যা ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া ইতিবাচক ফলাফল কিছু কম হোৱা দেখা যাব। শনি পশ্চাদগামী অৱস্থাত থকাৰ বাবে কেৰিয়াৰৰ বিকাশৰ গতি মন্থৰ হ’ব পাৰে। যিসকল জাতকে নিজৰ ব্যৱসায় কৰে তেওঁলোকে এই সময়খিনিত ব্যৱসাত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। শনিৰ পশ্চাদগমন হোৱাৰ ফলত চাকৰি আৰু ব্যৱসায় কৰা জাতকসকলক সাৱধানতাৰে আগবাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু কন্যা বাৰ্ষিক ৰাশিফল 2025 প্ৰৱন্ধটোৰ মাধ্যমেৰে কন্যা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

কন্যা ৰাশিফল 2025 অনুসৰি, বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ অনুকূল নোহোৱাৰ সম্ভাৱনা আছে কাৰণ কেৰিয়াৰৰ কাৰক গ্ৰহ শনি মাৰ্চ মাহ পৰ্য্যন্ত সপ্তম গৃহত স্থিত হ’ব। এই সময়খিনিত আপুনি কৰ্মত কিু সমস্যাৰ সম্মুখীন হ’ব পাৰে। আনহাতে, এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ বাবে অনুকূল অৱস্থাত থাকিব আৰু ই আপোনাক সকলো প্ৰকাৰৰ লাভ প্ৰদান কৰিব। চাকৰিত আপুনি যদিহে পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰি আছে তেনেহ’লে ইণ্চেণ্টিভৰ ৰূপত আপুনি লাভ প্ৰাপ্ত কৰিব পাৰে। এই জাতকসকলে চাকৰিত পদোন্নতি লাভ কৰাৰো যোগ আছে আৰু লগতে চাকৰিৰ নতুন সুযোগ প্ৰাপ্ত কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এই ক্ষেত্ৰত অপৰিসীম সফলতা লাভ কৰিব। মুঠতে, এপ্ৰিল 2025 ৰ সময়খিনিয়ে আপোনাৰ বাবে এনেধৰণৰ ফলাফল লৈ আহিব।

মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ বাবে অনুকূল নোহোৱাৰ সম্ভাৱনা আছে। এই জাতকসকলে চাকৰিত পৰিৱৰ্তন বা চাকৰিৰ স্থানান্তৰণৰ সম্মুখীন হ’ব পাৰে। অৱশ্যে, এই লোকসকলৰ বাবে মাৰ্চ 2025 ৰ পিছৰপৰা বছৰৰৰ শেষলৈকে শনিৰ স্থিতিক ভাল বুলি ক’ব পৰা নাযায়।

কন্যা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি যদিহে আপুনি কেৰিয়াৰৰ সন্দৰ্ভত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে মাৰ্চ 2025 পৰ্য্যন্ত সময়খিনিত আপুনি এনে কৰিব পাৰে কাৰণ এইখিনি সময়ত শনি দেৱতা আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব যাক অনুকূল স্থিতি বুলি ক’ব পৰা যাব।

13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 ৰ সময়খিনিত শনি পশ্চাদগামী অৱস্থাত থাকিব। এনে পৰিস্থিতিত, শনিৰ পশ্চাদগামী গতিৰ ফলস্বৰূপে কন্যা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ স্থিতি কিছুচু দুৰ্বল হ’ব পাৰে সেয়েহে এইখিনি সময়ত আপুনি কেৰিয়াৰত মনে বিচৰা উন্নতি লাভ কৰিব নোৱাৰিব পাৰে। যিখিনি সময়ত শনি পশ্চাদগামী অৱস্থাত থাকিব সেইখিনি সময়ত আপুনি চাকৰি সলনি কৰাৰ দৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰা উচিত। ই আপোনাক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

কন্যা বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে বৰ্ষ 2025 ৰ মে’ মাহৰপৰা কন্যা ৰাশিৰ জাতকসকলে ধনৰ সৈতে জড়িত বিষয়ত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ দশম গৃহত স্থিত হ’ব। ইয়াৰ ফলস্বৰূপে, ই আপোনাৰ ব্যয় বৃদ্ধি কৰিব পাৰে। অৱশ্যে, শনিৰ পৰিবহন মাৰ্চ 2025 পৰ্য্যন্ত আপোনাৰ বাবে ভাল হ’ব আৰু ইয়াৰ পিছত ই আপোনাৰ সপ্তম গৃহত পৰিবহন কৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে এই গৃহত স্থিত শনিয়ে আপোনাৰ আৰ্থিক জীৱনলৈ উত্থান-পতন কঢঞিয়াই আনিব পাৰে।

যদিহে আপুনি বিনিয়োগ বা ধনৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত ল’ব বিচাৰে তেনেহ’লে ইয়াৰ বাবে এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনি অনুকূল হ’ব। কিন্তু, এপ্ৰিলৰ পিছত বিনিয়োগ বা ধনৰ সৈতে জড়িত সিদ্ধান্ত লোৱাটো পৰিহাৰ কৰক, অন্যথা আপুনি লোকচানৰ সম্মুখীন হ’ব পাৰে।

ধনৰ কাৰক গ্ৰহ বৃহস্পতি দেৱতাৰ 09 জুন 2025 ৰপৰা 09 জুলাই 2025 ৰ সময়ছোৱাত অস্ত হ’ব। এনে পৰিস্থিতিত, আপুনি এইখিনি সময়ত ধনৰ অভাৱৰ সৈতে জড়িত সমস্যাৰ সম্মুখীন হ’ব পাৰে। কিন্তু, এই জাতকসকলক ষষ্ঠ গৃহত স্থিত ৰাহুৱে আপোনাক অপ্ৰত্যাশিত উৎসৰপৰা ধন লাভ কৰোৱাব পাৰে।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰা কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

কন্যা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলৰ বাবে এপ্ৰিল পৰ্য্যন্ত সময়খিনি শিক্ষাৰ বাবে ভাল হ’ব কাৰণ বৃহস্পতি দেৱতা আপোনাৰ চন্দ্ৰ ৰাশিৰ নৱম গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, বৃহস্পতিৰ এই স্থিতিয়ে পেছাদাৰী মনোভাৱেৰে অধ্যয়ন কৰাৰ প্ৰতি সংকেত প্ৰদান কৰিছে। আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ দিশত খোজ দিব পাৰে য’ত আপুনি সফলতা প্ৰাপ্ত কৰিব।

কন্যা ৰাশিফল 2025 অনুসৰি মে’ 2025 ত বৃহস্পতিয়ে পৰিবহন কৰি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত বিৰাজমান হ’ব। ইয়াৰ ফলস্বৰূপে, এই লোকসকলৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে সেয়েহে আপোনাৰ মন শিক্ষাৰপৰা ভংগ হ’ব পাৰে। আনহাতে, শনি গ্ৰহ মাৰ্চ 2025 ৰপৰা আপোনাৰ সপ্তম গৃহত বিৰাজমান হ’ব যি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ মন্থৰ বিকাশক পুণৰ দ্ৰুত কৰি তুলিব পাৰে। লগতে, এই সময়ছোৱাত শিনৰ দৃষ্টি আপোনাৰ চন্দ্ৰ ৰাশিৰ ওপৰত পৰিব।

ইয়াৰ উপৰিও, কন্যা ৰাশিৰ জাতকসকলে নিজৰ অধ্যয়নৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে সেয়া প্ৰয়োগ কৰাৰো আৱশ্যকীয়তা হ’ব।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

কন্যা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰে যে বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন এপ্ৰিল মাহ পৰ্য্যন্ত যথেষ্ট ভাল হ’ব কিয়নো বৃহস্পতি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ নৱম গৃহত উপস্থিত হ’ব। বৃহস্পতি গ্ৰহৰ এই স্থিতিক ভাল বুলি ক’ব পৰা যায় আৰু এনে পৰিস্থিতিত, আপুনি পৰিয়ালত উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ’ব।

এই জাতকসকলে পৰিয়ালত নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিব পাৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত একতা বৰ্ত্তাই ৰাখিবলৈ সক্ষম হ’ব।

কিন্তু, মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহনক আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে ভাল বুলি ক’ব পৰা নাযায় কাৰণ ই আপোনাৰ ৰাশিৰ দশম গৃহত হ’বলৈ গৈ আছে। এইখিনি সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে অহংকাৰজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে।

আমি আপোনাৰ ইতিমধ্যে কোৱাৰ দৰে যিহেতু শনি দেৱতা মাৰ্চ 2025 ৰপৰা আপোনাৰ সপ্তম গৃহত স্থিত হ’ব সেয়েহে ইয়াৰ ফলস্বৰূপে আপোনাৰ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱৰ বাবে অহংকাৰ সম্বন্ধিত সমস্যাৰ উৎপন্ন হ’ব পাৰে। লগতে, কথা-বতৰাৰ অভাৱো দেখা যাব পাৰে। কন্যা ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে আপোনাৰ দ্বাদশ গৃহত স্থিত কেতুৱে আপোনাৰ মনত পৰিয়ালৰ সদস্সকলৰ প্ৰতি বিবেদৰ ভাৱ উৎপন্ন কৰিব পাৰে। শনিৰ এই স্থিতিয়ে আপোনাৰ পাৰিবাৰিক জীৱনত তিক্ততাৰ সৃষ্টি কৰিব পাৰে।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

কন্যা ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মে’ৰ পিছৰ সময়খিনিক বিশেষ ভাল বুলি ক’ব পৰা নাযায় কাৰণ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত পাৰস্পৰিক বুজাবুজিৰ সৈতে জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সমস্যাসমূহৰ বাবে অহংকাৰ উৎপন্ন হ’ব পাৰে। এনে পৰিস্থিতিত আপোনাক জীৱনসঙ্গীক বুজিবলৈ আৰু তেওঁৰ সৈতে সম্পৰ্ক বজাই ৰাখিবৰ বাবে ধৈৰ্য্য ধৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। লগতে, এই জাতকসকলক নিজৰ সম্পৰ্ক শক্তিশালী কৰিবৰ বাবে প্ৰয়াস কৰিবলৈ কোৱা হৈছে। এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনি আপোনাৰ প্ৰেম জীৱনৰ বাবে অত্যন্ত সুন্দৰ হ’ব। যদিহে আপুনি পূৰ্বৰেপৰাই কাৰোবাক ভাল পায় তেনেহ’লে আপোনাৰ সম্পৰ্ক আগতকৈও শক্তিশালী হ’ব। আনহাতে, যিসকল জাতকে কোনো নতুন সম্পৰ্কৰ আৰম্ভণি কৰিব বিচাৰে তেনেহ’লে আপুনি এপ্ৰিল মাহত এই দিশত খোজ দিব পাৰে। যদিহে আপুনি বিবাহ কৰিব বিচাৰে তেনেহ’লে এই কথাটো সেই ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। কন্যা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি কেতু দেৱতাৰ দ্বাদশ গৃহত স্থিতিয়ে প্ৰেম আৰু বৈবাহিক জীৱনত লাভ কৰিবলগীয়া ইতিবাচক ফল হ্ৰাস কৰিব পাৰে। এই জাতকসকলৰ কিছুমানৰ মনলৈ বিবাহ বিচ্ছেদ কৰাৰ ভাৱ আহিব পাৰে। সপ্তম গৃহত উপস্থিত শনি বিবাহত বিলম্বৰ কাৰণ হ’ব পাৰে।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

কন্যা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলে মে’ মাহৰ পিছত স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল লাভ কৰিব কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ দশম গৃহত স্থিত হ’ব আৰু বৃহস্পতিৰ স্থিতিক ভাল বুলি ক’ব পৰা নাযায়। কিন্তু, এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি গ্ৰহে আপোনাৰ ওপৰত কৃপাদৃষ্টি পেলাব। কিন্তু, কেতু দ্বাদশ গৃহত স্থিত হৈ আপোনাক পেট আৰু হৃদযন্ত্ৰৰ সৈতে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

আপোনাক জনাব বিচাৰিছোঁ যে কন্যা ৰাশিফল 2025 অনুসৰি বৃহস্পতি গ্ৰহে মে’ 2025 ত আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম গৃহত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত, আপুনি কান্ধ আৰু স্নায়ু তন্ত্ৰৰ সৈতে জড়িত সমস্যাত ভূগিব পাৰে সেয়েহে আপুনি স্বাস্থ্যৰ প্ৰতি সতৰ্কৱান হৈ থাকিব লাগিব। এই সময়খিনিত এই জাতকসকলৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ’ব পাৰে। যদিহে আপুনি নিজৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে তেনেহ’লে আপোনাক যোগ আৰু ধ্যান কৰাৰ পৰামৰ্শ দিয়া হৈছে।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

কন্যা বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে হনুমান চালিশা পাঠ কৰক আৰু মঙ্গলবাৰে ইয়াৰ পাঠ কৰাটো অত্যন্ত শুভ হ’ব।
  • মঙ্গলবাৰে কেতু গেৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • দৈনিক "ঔঁ কেতৱে নমঃ" 21 বাৰ জপ কৰক।
  • প্ৰতিদিনে 108 বাৰ “ঔঁ মন্দায় নমঃ” জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকলৰ ভৱিষ্যত কেনে হ’ব?

কন্যা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 য়ে মিশ্ৰিত ফল কঢ়িয়াই আনিব।

বৰ্ষ 2025 ত কন্যা ৰাশিৰ জাতকসকল প্ৰেম জীৱনত সফল হ’ব নে?

প্ৰেম জীৱনৰ ক্ষেত্ৰত এই বৰ্ষটোৰ এপ্ৰিল 2025 পৰ্য্য়ন্ত সময়খিনি আপোনাৰ বাবে ভাল হ’ব।

কন্যা ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা কি কি?

কন্যা ৰাশিৰ জাতকসকলৰ বাবে শুভ সংখ্যা হৈছে 6, 3, 7, আৰু 17।

কন্যা ৰাশিৰ জাতকসকলে কোন ভগৱানৰ পূজা কৰাটো ভাল হ’ব?

কন্যা ৰাশিৰ জাতকসকলে ভগৱান গণেশ আৰু বিষ্ণুৰ পূজা কৰাটো শুভ হ’ব।