Personalized
Horoscope

কৰ্কট ৰাশিফল 2025 (Karkat Rashifol 2025)

কৰ্কট বাৰ্ষিক ৰাশিফল 2025 ক বিশেষভাৱে কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰতি মনোযোগ দি প্ৰস্তুত কৰা হৈছে। এই কৰ্কট ৰাশিফল 2025 য়ে জীৱনৰ বিভিন্ন দিশসমূহ যেনে কেৰিয়াৰ, আৰ্থিক, প্ৰেম, বিবাহ, ব্যৱসায়, স্বাস্থ্য, বাণিজ্য আদিৰ বিষয়ে বিস্তাৰপূৰ্বক তথ্য প্ৰাপ্ত কৰিব পাৰিব। জনাব বিচাৰিছোঁ যে এই ৰাশিফল সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত। আহক আমি এতিয়া পলম নকৰি আগবাঢ়ি যাওঁ আৰু কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফলে কি ভৱিষ্যতবাণী কৰিছে আৰু এই জাতকসকল কেনে ধৰণৰ পৰিৱৰ্তনৰ সম্মুখীন হ’ব সেই সম্পৰ্কে অৱগত হওঁ। কৰ্কট বাৰ্ষিক ৰাশিফলত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপুনি লাভ কৰিব।

কৰ্কট বাৰ্ষিক ৰাশিফল 2025

Read in English - Cancer Yearly Horoscope 2025

বৈদিক জ্যোতিষ অনুসৰি, ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি কৰ্কট হৈছে জল তত্ত্বৰ ৰাশি। কৰ্কট ৰাশিৰ অধিপতি দেৱতা হৈছে চন্দ্ৰ দেৱ। এনে পৰিস্থিতিত, বৰ্ষ 2025 য়ে কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে মিশ্ৰিত ফল কঢ়িয়াই আনিব কাৰণ শনি মহাৰাজ আপোনাৰ সপ্তম আৰু অষ্টম গৃহৰ স্বামী হিচাপে আপোনাৰ অষ্টম গৃহত বিৰাজমান হ’ব। এই গৃহত শনি দেৱতাৰ উপস্থিতিয়ে ধেইয়াক সূচিত কৰে। ইয়াৰ ফলস্বৰূপে, জাতকসকলে কামত বাধা আৰু বিলম্বৰ সম্মুখীন হ’ব পাৰে।

কৰ্কট বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই বৰ্ষত এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ নৱম গৃহৰ স্বামী হিচাপে একাদশ গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত, ই আপোনাক কাৰ্য্যত ইতিবাচক পৰিণাম আৰু জীৱনত সমৃদ্ধি প্ৰদান কৰিব। কিন্তু, আপোনাৰ ৰাশিৰ অষ্টম গৃহত শনি দেৱতা উপস্থিত হ’ব যি আপোনাৰ সুখ-সুবিধা হ্ৰাস কৰিব পাৰে। লগতে, আপোনাৰ প্ৰেম জীৱন আৰু কেৰিয়াৰ দুৰ্বল হ’ব পাৰে। অৱশ্যে, মে’ 2025 ৰপৰা বৃহস্পতি মহাৰাজ আপোনাৰ ৰাশিৰ দ্বাদশ গৃহত প্ৰৱেশ কৰিব যাৰ ফলস্বৰূপে আধ্যাত্মিক কাৰ্য্যকলাপৰ সৈতে জড়িত হৈ থকাটোৱে আপোনাক সকাহ প্ৰদান কৰিব।

ছাঁয়া গ্ৰহ হিচাপে ৰাহু অষ্টম গৃহত আৰু কেতু দ্বিতীয় গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, এই বৰ্ষত আপোনাৰ বিকাশৰ গতি কিছু মন্থৰ হোৱাৰ লগতে আপুনি বিফলতা প্ৰাপ্ত কৰিব পাৰে। ইয়াৰ বাহিৰেও, ৰাহু আৰু কেতুৰ এই স্থিতিয়ে সঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে যাৰ ফলত আপোনালোক দুয়োৰে মাজৰ পাৰস্পৰিক মিলা-মিছা হ্ৰা পাব পাৰে। কেৰিয়াৰ আৰু সম্পৰ্কত আপোনাৰ মান-সন্মান হ্ৰাস পাব পাৰে।

কৰ্কট ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত কৰ্কট ৰাশিৰ জাতকসকলে বিনিয়োগ বা সম্পৰ্কৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্য্য ধৰা উচিত। এই লোকসকলে সম্পৰ্কত যিকোনো সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ ফলত আপোনাৰ জীৱনসঙ্গীৰ সৈতে যুক্তি-তৰ্ক হ’ব পাৰে।

আমি আপোনাক ইতিমধ্যে অৱগত কৰাৰ দৰে শনি মহাৰাজ হৈছে আপোনাৰ সপ্তম আৰু অষ্টম গৃহৰ স্বামী যি এই বছৰ 13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 ৰ সময়খিনিত পশ্চাদগামী অৱস্থাত থাকিব। ইয়াৰ ফলস্বৰূপে, এই সময়খিনিত আপুনি কেৰিয়াৰক লৈ উদাসীন অনুভৱ কৰিব পাৰে আৰু সম্পৰ্কত পাৰস্পৰিক মিলা-মিছা হ্ৰাস পাব পাৰে। এই সময়ছোৱাত কামত কৰা কঠওৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ নকৰিবও পাৰে যি আপোনাক চিন্তিত কৰি তুলিব পাৰে। কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে শনি হৈছে সপ্তম গৃহৰ স্বামী সেয়েহে ই জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কক প্ৰভাৱিত কৰিব। লগতে, আপুনি তেওঁৰ সৈতে সমস্যাৰ সম্মুখীন হ’ব পাৰে। এই সময়ছোৱাত সঙ্গীৰ সৈতে সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ বাবে আপুনি ধৈৰ্য্য ধৰিব লাগিব কাৰণ ই আপোনাৰ সম্পৰ্কৰ বাবে অত্যন্ত আৱশ্যকীয় হ’ব।

এপ্ৰিল 2025 পৰ্য্য়ন্ত নৱম গৃহত স্থিত বৃহস্পতি দেৱতাৰ স্থিতিক আপোনাৰ বাবে অনুকূল বুলি ক’ব পৰা যায়। এনে পৰিস্থিতিত, বছৰটোৰ প্ৰথমভাগত বৃহস্পতি গ্ৰহে শুভ ফল প্ৰদান কৰিব পাৰে।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ত কি লুকাই আছে? আহক এতিয়া কৰ্কট ৰাশিফল বাৰ্ষিক 2025 ৰ মাধ্যমেৰে এই সম্পৰ্কে জানো।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

কৰ্কট ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত কৰ্কট ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বাবে এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনি অনুকূল হ’ব। এই সময়খিনিত আপোনাৰ কেৰিয়াৰ উন্নতিৰ দিশত আগবাঢ়িব কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ একাদশ গৃহত অনুকূল স্থিতিত থাকিব। কিন্তু, কেৰিয়াৰৰ কাৰক গ্ৰহ হিচাপে শনি দেৱতা আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যি আপোনাক চাপ আৰু হেঁচা প্ৰদান কৰিব পাৰে।

নতুন বৰ্ষ অৰ্থাৎ বৰ্ষ 2025 ত কৰ্মক্ষেত্ৰত আপুনি যথেষ্ট পৰিশ্ৰম কৰিব পাৰে, কিন্তু সেই অনুপাতে আপুনি স্বীকৃতি লাভ নকৰিবও পাৰে। লগতে, আপুনি বিকাশ লাভ কৰাৰ ক্ষেত্ৰতো পিছ পৰি থাকিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ লাভ হ্ৰাস হোৱা দেখা যাব পাৰে অথবা আপুনি আশা কৰাতকৈ কম লাভ প্ৰাপ্ত কৰিব পাৰে। এই সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত চাকৰিৰ পৰিৱৰ্তন বা নতুন চাকৰিৰ আৰম্ভণিৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰাটো ভাল হ’ব। সেইদৰে ব্যৱসায় কৰি থকা জাতকসকলেও লাভ প্ৰাপ্তিৰ আশা সীমিত কৰিব লাগিব। লগতে, এই লোকসকলে নিজৰ লক্ষ্যসমূহ পূৰণ কৰাৰ পথত প্ৰতিদ্বন্দীসকলৰপৰা কঠোৰ প্ৰতিদ্বন্দিতাৰ সম্মুখীন হ’ব পাৰে।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

কৰ্কট বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন ভালে থাকিব। এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণে ধন প্ৰাপ্ত কৰিব আৰু এনে পৰিস্থিতিত, আপুনি সঞ্চয়ো কৰিব পাৰিব। কিন্তু, আপুনি আৰ্থিক জীৱনত উন্নতি দ্ৰুতগতিত লাভ কৰিব নোৱাৰিব পাৰে আৰু ই আপোনাৰ কাষলৈ মন্থৰ গতিত আহিব পাৰে। এয়া সেইবাবে হ’ব কিয়নো আপোনাৰ অষ্টম গৃহত শনি উপস্থিত হ’ব।

অৱশ্যে, শনি মহাৰাজৰ এই স্থিতিয়ে এই বৰ্ষত আপোনাৰ ব্যয় বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত, ই আপোনাৰ সুখ-সুবিধা হ্ৰাস কৰিব পাৰে। মে’ 2025 ৰ পিছৰ সময়খিনিত পৰিস্থিতি ভাললৈ আহিব।

কৰ্কট বাৰ্ষিক ৰাশিফল 2025 অনুসৰি মে’ 2025 ৰপৰা কেতু আপোনাৰ দ্বিতীয় গৃহত আৰু ৰাহু অষ্টম গৃহত বিৰাজমান হ’ব। ই আপোনাৰ ধন-সম্পত্তিক প্ৰভাৱিত কৰিব পাৰে সেয়েহে আপোনাক সাৱধানে থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

কৰ্কট ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনি শিক্ষাৰ দিশৰপৰা ভাল হ’ব আৰু পঢ়া-শুনাত আপোনাৰ প্ৰদৰ্শন উন্নীত হ’ব কাৰণ জ্ঞানৰ গ্ৰহ বৃহস্পতি আপোনাৰ একাদশ গৃহত স্থিত হ’ব। বৃহস্পতি গ্ৰহৰ আশীৰ্বাদৰ ফলত শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি অত্যন্ত ভাল হ’ব আৰু আপুনি অপৰিসীম সফলতা প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব।

কিন্তু, অষ্টম গৃহত শনি মহাৰাজ বিৰাজমান হোৱাৰ ফলস্বৰূপে আপুনি পঢ়া-শুনাত সমস্যাৰ সম্মুখীন হ’ব পাৰে কাৰণ আপোনাৰ একাগ্ৰতা দুৰ্বল হ’ব পাৰে।

অনুসৰি এই গৃহত স্থিত শনি গ্ৰহে পঢ়া-শুনাৰপৰা আপোনাৰ মনোযোগ ভংগ কৰিব পাৰে যাৰ ফলস্বৰূপে আপুনি কিছু দুঃখী অনুভৱ কৰিব পাৰে। যদিহে আপুনি উচ্চ শিক্ষাৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে এপ্ৰিল 2025 ৰ সময়ত এই দিশত পদক্ষেপ আগবঢ়াব পাৰে। কিন্তু মে’ 2025 ৰ পিছৰ সময়ছোৱাত আপুনি অধ্যয়নৰ সৈতে জড়িত সিদ্ধান্ত গ্ৰহণ কৰাটো পৰিহাৰ কৰিব লাগিব অন্যথা ই আপোনাক নিৰাশ কৰিব পাৰে।

শিক্ষাৰ কাৰক গ্ৰহ বুধে 6 জুন 2025 ৰপৰা 22 জুন 2025 আৰু 15 ছেপ্তেম্বৰ 2025 ৰপৰা 3 অক্টোবৰ 2025 ৰ সময়ছোৱাত আপোনাক শিক্ষাৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰদান কৰিব। এনে পৰিস্থিতিত, আপুনি সফলতা প্ৰাপ্ত কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ক’ব পাৰি যে, আপুনি নিজৰ বুদ্ধিমত্তা তীক্ষ্ণ কৰিবৰ বাবে এই সময়ছোৱাৰ প্ৰয়োগ কৰিব পাৰে। যদিহে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেনেহ’লে আপুনি এই দিশত আগবাঢ়িব পাৰে আৰু এনে পৰিস্থিতিত, আপোনাৰ প্ৰদৰ্শনো ভাল হোৱাৰ সম্ভাৱনা আছে। এই সময়খিনিত আপুনি নিজৰ ক্ষমতাসমূহ জানিবলৈও সক্ষম হ’ব।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

কৰ্কট বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ মে’ মাহৰ পিছৰ সময়খিনিক কৰ্কট ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱনৰ বাবে বিশেষ ভাল বুলি ক’ব পৰা নাযায় কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ দ্বাদশ গৃহত পৰিবহন কৰিব। আনহাতে, শনি দেৱতা মাৰ্চ 2025 পৰ্য্যন্ত আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যি পাৰিবাৰিত জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ বিপৰীতে, কৰ্কট বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এপ্ৰিল 2025 ৰপৰা শনি দেৱতা আপোনাৰ নৱম গৃহত বিৰাজমান হ’ব। এনে পৰিস্থিতিত, পাৰিবাৰিক জীৱনত লাভ কৰিবলগীয়া ফলাফল মধ্যমীয়া হ’ব পাৰে। ছাঁয়া গ্ৰহ হিচাপে কেতু আপোনাৰ দ্বিতীয় গৃহত আৰু ৰাহু আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। ই আপোনাৰ পৰিয়ালত সমস্যা উৎপন্ন কৰিব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ ঘৰৰ লোকসকলৰ সৈতে অযথা তৰ্ক-বিতৰ্ক হ’ব পাৰে। এই জাতকসকলে পৰিয়ালত সুখ-শান্তি বজাই ৰাখিবৰ বাবে পাৰস্পৰিক সামঞ্জস্য গঢ়ি তুলিব লাগিব।

আনহাতে, বৃহস্পতি গ্ৰহৰ পৰিবহন মিথুন ৰাশিত হোৱাৰ ফলস্বৰূপে পৰিয়ালৰ সদস্যসকলৰ সৈতে আপুনি অহংকাৰজনিত সমস্যাৰ সম্মুখীন হ’ব পাৰে। মে’ মাহত পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পতাৰ সময়ত আপোনাৰ বক্তব্যত অহংকাৰৰ আভাস ফুটি উঠিব পাৰে।

কৰ্কট ৰাশিৰ জাতকসকলে পৰিয়ালৰ সদস্যসকলৰ সৈতে আইনী বিবাদৰ সম্মুখীন হ’ব পাৰে যাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰা দেখা যাব। আনহাতে, ৰাহু আৰু কেতুৰ স্থিতিয়ে আপোনাক পৰিয়ালৰ বাবে ধন ব্যয় কৰিবলৈ বাধ্য কৰিব পাৰে।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

কৰ্কট ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন কিছু জটিলতাপূৰ্ণ হ’ব পাৰে কাৰণ মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহনক আপোনাৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায়। এই পৰিবহনৰ সময়ত ই আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব।

আনহাতে, শনি দেৱতা মাৰ্চ 2025 পৰ্য্য়ন্ত আপোনাৰ অষ্টম গৃহত স্থিত হ’ব আৰু ইয়াৰ পিছত নৱম গৃহত প্ৰৱেশ কৰিব। এনে পৰিস্থিতিত, আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত মিলা-মিছা হ্ৰাস পাব পাৰে।

ছাঁয়া গ্ৰহ হিচাপে প্ৰসিদ্ধ ৰাহু আপোনাৰ দ্বিতীয় গৃহত আৰু কেতু আপোনাৰ অষ্টম গৃহত উপস্থিত হ’ব। এনে পৰিস্থিতিত, ৰাহু-কেতুৱে আপোনাৰ জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত সমস্য়া উৎপন্ন কৰিব পাৰে। কৰ্কট ৰাশিৰ যিসকল জাতকে বিবাহ কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময়খিনিক ভাল বুলি ক’ব পৰা নাযায় সেয়েহে এই সময়খিনিত এনে কৰাটো পৰিহাৰ কৰক।

প্ৰেম আৰুবিবাহৰ কাৰক গ্ৰহ শুক্ৰ 29 জুন 2025 ৰপৰা 26 জুলাই 2025 আৰু 02 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 পৰ্য্যন্ত সময়ছোৱাত ভাল স্থিতিত থাকিব। এনে পৰিস্থিতিত, এই সময়খিনি প্ৰেম আৰু বিবাহৰ বাবে অনুকূল হৈ থকাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

কৰ্কট ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ক কৰ্কট ৰাশিৰ জাতকসকলৰ স্বাস্থ্যৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায় কাৰণ বৃহস্পতি দেৱতা আপোনাৰ দ্বাদশ গৃহত স্থিত হ’ব। আনহাতে, ৰাহু অষ্টম গৃহত স্থিত হ’ব আনহাতে কেতু দ্বিতীয় গৃহত বিৰাজমান হ’ব।

গ্ৰহসমূহৰ এই স্থিতিৰ ফলস্বৰূপে এই জাতকসকলৰ কান্ধ, ভৰিৰ বিষ আৰু তন্ত্ৰিকা তন্ত্ৰৰ সৈতে জড়িত সমস্যাই আমনি দিব পাৰে। এই সকলোবোৰ স্বাস্থ্যজনিত সমস্যা আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ফলস্বৰূপে হ’ব পাৰে আৰু এই বৰ্ষটোত আপোনাক আমনি দি থাকিব পাৰে। এই জাতকসকলক নিজৰ তেজ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। লগতে, নিয়মিতভাৱে ব্যায়াম কৰক, অন্যথা ভৱিষ্যতে আপোনাক মেদবহুলতাৰ সমস্যাই অসুবিধাত পেলাব পাৰে।

ইয়াৰ উপৰিও, কৰ্কট ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত আপোনাৰ ৰাশিৰ দ্বিতীয় গৃহত ৰাহু স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ চকুৰ সৈতে জড়িত সমস্যাই আমনি দিব পাৰে।

কৰ্কট বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে দুৰ্গা চালিশা পাঠ কৰক আৰু মঙ্গলবাৰে ইয়াৰ পাঠ কৰাটো বিশেষভাৱে ফলদায়ক হ’ব।
  • শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • প্ৰতিদিনে 44 বাৰ “ঔঁ মন্দায় নমঃ” জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন 2025 বৰ্ষটোত কেনে হ’ব?

বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত কৰ্কট ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱন ভালে থাকিব।

2025 বৰ্ষত কোন ৰাশিৰ জাতকসকল সকলোতকৈ সৌভাগ্যশালী হ’ব?

2025 বৰ্ষত বৃষ, মিথুন, মকৰ, আৰু মীন ৰাশিৰ জাতকসকল সকলোতকৈ ভাগ্যশালী হ’ব।

2025 বৰ্ষত কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন কেনে হ’ব?

বৰ্ষ 2025 ত কৰ্কট ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন কিছু জটিলতাপূৰ্ণ হ’ব পাৰে।

2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বাবে কেনে হ’ব?

বৰ্ষ 2025 ত কৰ্কট ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বাবে এপ্ৰিল 2025 পৰ্য্যন্ত সময়খিনি অনুকূল হ’ব।