Personalized
Horoscope

কুম্ভ ৰাশিফল 2025 (Kumbha Rashifol 2025)

এই বিশেষ কুম্ভ ৰাশিফল 2025 কুম্ভ ৰাশিৰ জাতকসকলৰ প্ৰতি মনোযোগ দি প্ৰস্তুত কৰা হৈছে। এই ভৱিষ্যতবাণী বৰ্ষ 2025 য়ে কুম্ভ ৰাশিৰ জাতকসকলক তেওঁলোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন তথা স্বাস্থ্য আদিৰ বিষয়ে বিতং তথ্য প্ৰদান কৰিব। লগতে, এই বৰ্ষটোৱে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে কি কি লৈ আহিব? এই বৰ্ষটো কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে শুভ হ’ব নে অশুভ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ কুম্ভ বাৰ্ষিক ৰাশিফল 2025য়ে প্ৰদান কৰিব।

কুম্ভ বাৰ্ষিক ৰাশিফল 2025

Read in English -Aquarius Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, ৰাশিচক্ৰৰ একাদশ ৰাশি হৈছে কুম্ভ ৰাশি যি বায়ু তত্ত্বৰ ৰাশি। কুম্ভ ৰাশিৰ সম্পৰ্ক গৱেষণাৰ সৈতে আছে। মে’ 2025 ৰপৰা বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম গৃহত স্থিত হৈ আপোনাক কেৰিয়াৰ, প্ৰেম আৰু আৰ্থিক জীৱনত ইতিবাচক ফল প্ৰদান কৰিব। অৱশ্যে, মে’ 2025 ৰ পূৰ্বে বৃহস্পতি মহাৰাজ দ্বিতীয় আৰু একাদশ গৃহৰ স্বামী হিচাপে বৃষ ৰাশিত স্থিত হ’ব। আনহাতে, শনি গ্ৰহ ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত আপোনাৰ প্ৰথম/লগ্ন গৃহত স্থিত হ’ব আৰু মাৰ্চ মাহৰ পিছৰপৰা ই মীন ৰাশিত আপোনাৰ দ্বিতীয় গৃহত উপস্থিত হ’ব।

কুম্ভ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে লগ্ন গৃহত স্থিত শনিয়ে কেতিয়াবা কেতিয়াবা আপোনাৰ ধৈৰ্য্য পৰীক্ষা ল’ব পাৰে আৰু আপুনি ভাল সফতা প্ৰাপ্ত কৰিবৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰি আগবঢ়াৰ প্ৰয়োজনীয়তা আছে। অৱশ্যে, মে’ 2025 ৰ পিছত হ’বলগীয়া বৃহস্পতি মহাৰাজৰ পৰিবহনক আপোনাৰ বাবে লাভকাৰী বুলি ক’ব পৰা যাব কিয়নো ই আপোনাৰ চন্দ্ৰ ৰাশিক প্ৰভাৱিত কৰিব। মে’ 2025 ৰপৰা ছাঁয়া গ্ৰহ ৰাহু প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপুনি শুভ ফল লাভ কৰাৰ ক্ষেত্ৰত পিছ পৰি থাকিব পাৰে।

এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত কুম্ভ ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু কুম্ভ বাৰ্ষিক ৰাশিফল 2025 প্ৰৱন্ধটোৰ মাধ্যমেৰে কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে অৱগত হওঁ।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

কুম্ভ ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ মাৰ্চৰ পিছৰ সময়খিনিয়ে কুম্ভ ৰাশিৰ জাতকসকল বাবে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব কাৰণ শনি দেৱতা আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব। অৱশ্যে, মাৰ্চ মাহত হ’বলগীয়া শনি গ্ৰহৰ পৰিবহন আপোনাৰ দ্বিতীয় গৃহত হ’ব আৰু শনি গ্ৰহৰ এই স্থিতিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফলৰ প্ৰতি সংকেত দিয়ে। এই কথা ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়, সাধাৰণ ভাষাত ক’বলৈ গ’লে ব্যৱসায় কৰা জাতকসকলে এইখিনি সময়ত প্ৰায় ভাল লাভ প্ৰাপ্ত কৰিব।

কিন্তু, এপ্ৰিল 2024 পৰ্য্যন্ত আপুনি যথেষ্ট ধৈৰ্য্য ধৰি আগবাঢ়িব লাগিব। মে’ৰ পিছৰ সময়খিনিয়ে আপোনাৰ কেৰিয়াৰলৈ শুধৰণি কঢ়িয়াই আনিব কাৰণ বৃহস্পতি গ্ৰহে আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব। মে’ মাহত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ এই পৰিবহনক আপোনাৰ বাবে শুভ বুলি ক’ব পৰা যায় আৰু এনে পৰিস্থিতিত আপুনি চাকৰিৰ নতুন নতুন সুযোগ লাভ কৰিব যি আপোনাৰ ইচ্ছাসমূহ পূৰণ কৰাৰ লগতে আপোনাক সন্তুষ্টি প্ৰদানো কৰিব। ফেব্ৰুৱাৰী মাহত শনি দেৱতা আপোনাৰ প্ৰথম/লগ্ন গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত, আপুনি চাকৰিত চাপৰ সম্মুখীন হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি লাব কৰিবলগীয়া পৰিণাম মধ্যমীয়া হ’ব পাৰে।

শনি গ্ৰহ 13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 পৰ্য্যন্ত পশ্চাদগামী অৱস্থাত থাকিব। ইয়াৰ ফলস্বৰূপে, কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰম এইখিনি সময়ত আপোনাৰ ওপৰত কামৰ বোজা যথেষ্ট বৃদ্ধি হ’ব পাৰে আৰু কামত কৰা পৰিশ্ৰমৰ বাবে আপুনি উচিত স্বীকৃতি লাভ নকৰাৰ সম্ভাৱনা আছে।

কেৰিয়াৰ বা ব্যৱসায় যিয়েই নহওক কিয়, এই দুয়োটা ক্ষেত্ৰতে আপুনি মাৰ্চ 2025 ৰ পিছত উন্নত ফলাফলৰ আশা কৰিব পাৰে কাৰণ শনি আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব আৰু সকাহ অনুভৱ কৰিব। ছাঁয়া গ্ৰহ ৰাহু প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত বিৰাজমান হ’ব যি মে’ মাহৰ পিছত ভাল লাভ প্ৰদান নকৰিব পাৰ।

বৰ্ষ 2025 ৰ মে’ মাহৰ পিছত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ পঞ্চম গৃহত হ’ব যি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। বৃহস্পতি দেৱতাই আপোনাৰ বাবে চাকৰিৰ ক্ষেত্ৰলৈ সফলতা কঢ়িয়াই আনিব আৰু আপোনাক আত্মবিশ্বাসেৰে পৰিপূৰ্ণ কৰি তুলিব। মে’ 2025 ৰ পিছত আপোনাৰ কেৰিয়াৰৰ বিকাশৰ গতি দ্ৰুত হ’ব আৰু এইখিনি সময়ত কামত কৰা পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব। এই জাতকসকলে যি কাম কৰিব অথবা কেৰিয়াৰত কৰি থকা প্ৰচেষ্টাসমূহ কোনো বাধা অবিহনে পূৰা কৰিব পাৰিব। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ’লে আপুনি এইখিনি সময়ত ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব আৰু নতুন অৰ্ডাৰ লাভ কৰিবলৈও সক্ষম হ’ব।

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

কুম্ভ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত কুম্ভ ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত মিশ্ৰিত ফলাফল প্ৰাপ্ত কৰিব। এনে পৰিস্থিতিত, আপোনাৰ লাভৰ লগতে ব্যয়ো বৃদ্ধি হোৱা দেখা যাব। এই ব্যয় এপ্ৰিল 2025 পৰ্য্যন্ত অব্যাহত থাকিব পাৰে আৰু এই ধন ব্যয় আপোনাৰ ঘৰৰ বাবে হ’ব পাৰে যি আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিব পাৰে।

কুম্ভ ৰাশিফল 2025 অনুসৰি যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এপ্ৰিল 2025 পৰ্য্যন্ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। লগতে, ধৈৰ্য্য ধৰিব লাগিব। কিন্তু মে’ 2025 ৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব তেতিয়া সেই সময়খিনিত আপুনি ভাল লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। যদিহে আপুনি ভাল মাত্ৰাত ধন উপাৰ্জন কৰিবৰ বাবে ইচ্ছুক তেনেহ’লে মে’ 2025 ৰ পিছত আপুনি এইক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব।

এই সময়খিনিত আপুনি ধনৰ সঞ্চয়ো কৰিব পাৰিব। ছাঁয়া গ্ৰহ ৰাহু আপোনাৰ প্ৰথম আৰু কেতু সপ্তম গৃহত পৰিবহন কৰি আপোনাৰ ধন হানি কৰিব পাৰে।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰ কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

কুম্ভ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল পৰ্য্যন্ত সময়খিনি কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে জটিল হ’ব পাৰে কাৰণ এপ্ৰিল 2024 পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব আনহাতে ফেব্ৰুৱাৰী মাহত শনি দেৱতা আপোনাৰ প্ৰথম/লগ্ন গৃহত বিৰাজমান হ’ব। এই দুয়োটা গ্ৰহৰ এই স্থিতিক ভাল বুলি ক’ব পৰা নাযায়। কিন্তু, ছাঁয়া গ্ৰহ হিচাপে ৰাহু আৰু কেতুৰ স্থিতিয়ে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত সমস্যা উৎপন্ন কৰিব পাৰে যাৰ প্ৰভাৱ আপোনাৰ প্ৰদৰ্শনৰ ওপৰত পৰিব।

কুম্ভ ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025 ৰ শেষত হ’বলগীয়া শনি গ্ৰহৰ পৰিবহন আপোনাৰ দ্বিতীয় গৃহত হ’ব যি শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বাবে সফলতা কঢ়িয়াই আনিব আৰু আপুনি নতুন নতুন কথা শিকিবলৈ সমৰ্থ হ’ব। বৃহস্পতি মহাৰাজৰ আপোনাৰ পঞ্চম গৃহত হ’বলগীয়া পৰিবহনে অধ্যয়নত সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰৱল কৰি তুলিব। যদিহে আপুনি উচ্চ শিক্ষা প্ৰাপ্ত কৰিব বিচাৰে তেনেহ’লে মে’ 2025 ৰ পিছত আপুনি এনে কৰিব পাৰে। উচ্চ শিক্ষাৰ দিশত দিয়া পদক্ষেপে আপোনাক সফলতা শিখৰলৈ লৈ যাব।

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

কুম্ভ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত, কুম্ভ ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনত কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিৰ সম্মুখীন হ’ব পাৰে। আপোনাৰ স্বামী গ্ৰহ হিচাপে শনি মহাৰাজ ফেব্ৰুৱাৰী 2025 ত কুম্ভ ৰাশিৰ প্ৰথম/লগ্ন গৃহত স্থিত হ’ব আৰু মাৰ্চ মাহৰ শেষলৈ আপোনাৰ দ্বিতীয় গৃহত পৰিবহন কৰিব। ইয়াৰ ফলস্বৰূপে, ঘৰ-পৰিয়াল আৰু সম্পৰ্কৰ সৈতে জড়িত বিষয়ত আপুনি ধৈৰ্য্য হেৰুৱাব পাৰে আৰু এই পৰিস্থিতিত ৰাহু-কেতুৱে জুইত ঘিউ ঢালিব পাৰে।

কুম্ভ ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে ছাঁয়া গ্ৰহ হিচাপে ৰাহু আপোনাৰ প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত স্থিত হ’ব। ইয়াৰ ফলস্বৰূপে আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা-মিছা আৰু পাৰস্পৰিক সামঞ্জস্য কৰাৰ চেষ্টা কৰিব লাগিব যাতে পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হৈ থাকে। অৱশ্যে, মে’ 2025 ৰ পিছত শুভ গ্ৰহ বৃহস্পতি আপোনাৰ পঞ্চম গৃহত প্ৰৱেশ কৰিব যাৰ ফলস্বৰূপে পাৰিবাৰিক পৰিৱেশ সুখময় হৈ থাকিব।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

কুম্ভ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত কুম্ভ ৰাশিৰ জাতকসকলে প্ৰেম আৰু বৈবাহিক জীৱনত সমস্যাৰ সম্মুখীন হ’ব পাৰে কিয়নো বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত উপস্থিত হ’ব। আনহাতে, কুম্ভ ৰাশিফল 2025 অনুসৰি ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত শনি আপোনাৰ প্ৰথম/লগ্ন গৃহত স্থিত হ’ব আৰু মাৰ্চৰ পিছত ই আপোনাৰ দ্বিতীয় গৃহত পৰিবহন কৰিব। এনে পৰিস্থিতিত, আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত ইতিবাচক ফল লাভ কৰিবলৈ আৰম্ভ কৰিব। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ’লে মে’ৰ পিছত আপুনি এই সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হ’ব কাৰণ এই সময়খিনিত বৃহস্পতি আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব। বৰ্ষ 2025 ত ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৱে আপোনাক সমৰ্থন নকৰিব পাৰে।

কুম্ভ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

কুম্ভ ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনিত কুম্ভ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কিছু জটিল হ’ব পাৰে কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ’ব। আনহাতে, শনি দেৱতা আপোনাৰ প্ৰথম/লগ্ন গৃহত স্থিত হৈ আপোনাক কিছু দুৰ্বল কৰি তুলিব পাৰে আৰু আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ’ব পাৰে। ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত শনি গ্ৰহ প্ৰথম গৃহত স্থিত হোৱাৰ বাবে আপোনাৰ টোপনি নহাৰ সমস্যা হ’ব পাৰে, কিন্তু যেতিয়া মাৰ্চ মাহৰ পিছত ই আপোনাৰ দ্বিতীয় গৃহত পৰিবহন কৰিব, তেতিয়া ই আপোনাৰ স্বাস্থ্য ভাললৈ আনিব পাৰে। অৱশ্যে, এইসকল জাতকৰ দাঁতৰ বিষ, চকুৰ জ্বলা-পোৰা আদি সমস্যা হ’ব পাৰে। চতুৰ্থ গৃহত স্থিত বৃহস্পতি মহাৰাজে আপোনাৰ সুখ-সুবিধা হ্ৰাস কৰিব পাৰে। মে’ 2025ৰ পিছত আপোনাৰ স্বাস্থ্য আৰ ফিটনেছ দুয়োটাই উত্তম হ’ব।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

কুম্ভ বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • দৈনিক হনুমান চালিশা পাঠ কৰক।
  • কেতুৰ বাবে মঙ্গলবাৰে যজ্ঞ/হোম কৰক।
  • শনিবাৰে শনি গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

2025 বৰ্ষ কুম্ভ ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে কেনে হ’ব?

মে’ 2025 ৰ পিছত কুম্ভ ৰাশিৰ জাতকসকলে বৃহস্পতি গ্ৰহৰপৰা শুভ ফল প্ৰাপ্ত কৰিব।

কুম্ভ ৰাশিৰ স্বামী গ্ৰহ কি?

এই ৰাশিৰ অধিপতি দেৱতা হৈছে শনি দেৱতা।

কুম্ভ ৰাশিৰ জাতকসকলে কোন ভগৱানৰ পূজা কৰা উচিত?

কুম্ভ ৰাশিৰ স্বামী গ্ৰহ শনি দেৱতা হোৱাৰ বাবে এইসকল জাতকে শিৱ ভগৱান আৰু হনুমান জীৰ পূজা কৰা উচিত।

বৰ্ষ 2025 ত কুম্ভ জাতকসকলৰ পাৰিবাৰিক জীৱন কেনে হ’ব?

2025 ত কুম্ভ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন উত্থান-পতনেৰে পৰিপূৰ্ণ হ’ব।