Personalized
Horoscope

মকৰ ৰাশিফল 2025 (Makar Rashifol 2025)

এই বিশেষ মকৰ ৰাশিফল 2025 মকৰ ৰাশিৰ জাতকসকলৰ প্ৰতি মনোযোগ দি প্ৰস্তুত কৰা হৈছে। এই ভৱিষ্যতবাণী বৰ্ষ 2025 য়ে মকৰ ৰাশিৰ জাতকসকলক তেওঁলোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন তথা স্বাস্থ্য আদিৰ বিষয়ে বিতং তথ্য প্ৰদান কৰিব। লগতে, এই বৰ্ষটোৱে মকৰ ৰাশিৰ জাতকসকলৰ বাবে কি কি লৈ আহিব? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ মকৰ বাৰ্ষিক ৰাশিফল 2025য়ে প্ৰদান কৰিব।

মকৰ বাৰ্ষিক ৰাশিফল 2025

Read in English -Capricorn Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, ৰাশিচক্ৰৰ দশম ৰাশি হৈছে মকৰ ৰাশি যি পৃথিৱী তত্ত্বৰ ৰাশি। এই ৰাশিৰ অধিপতি দেৱতা হৈছে কৰ্মফল দাতা শনি দেৱতা। এই গ্ৰহে পৰিশ্ৰম আৰু সমৰ্পনক প্ৰতিনিধিত্ব কৰে। ইয়াৰ ফলস্বৰূপে, বৰ্ষ 2025 টোৱে মকৰ ৰাশিৰ জাতকসকলক কেৰিয়াৰ, প্ৰেম আৰু আৰ্থিক জীৱন আদিৰ ক্ষেত্ৰত মধ্যমীয়া ফল প্ৰদান কৰিব পাৰে কাৰণ মে’ 2025 ৰ পিছৰপৰা বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। অৱশ্যে, মে’ৰ পূৰ্বে ই পঞ্চম গৃহত স্থিত হৈ আপোনাক ইতিবাচক ফল প্ৰদান কৰিব।

মকৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি শনি দেৱতা ফেব্ৰুৱাৰী 2025 ৰ শেষ পৰ্য্যন্ত আপোনাৰ দ্বিতীয় গৃহত উপস্থিত হ’ব। এই গ্ৰহৰ এই স্থিতিয়ে ঘৰ-পৰিয়ালত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু মাৰ্চ 2025 ৰ শেষলৈ ই পৰিবহন কৰি আপোনাৰ তৃতীয় গৃহত পৰিবহন কৰিব। এনে পৰিস্থিতিত, ই আপোনাক জীৱনত বিভিন্ন ডাঙৰ সফলতা প্ৰদান কৰিব পাৰে। আনহাতে, ছাঁয়া গ্ৰহ হিচাপে ৰাহু দ্বিতীয় আৰু কেতু অষ্টম গৃহত স্থিত হ’ব আৰু এই স্থিতিক মকৰ ৰাশিৰ জাতকসকলৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায়।

বৰ্ষ 2025 য়ে এই জাতকসকলক মিশ্ৰিত ফলাফল বা ভাল-বেয়া দুয়োটা ফলাফল প্ৰদান কৰিব পাৰে কিয়নো, এই বৰ্ষত শনি আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব। বৃহস্পতি গ্ৰহে মে’ 2025 ত পৰিবহন কৰাৰ পিছত আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰিব আৰু এই গৃহত বৃহস্পতিৰ স্থিতিক ভাল বুলি ক’ব পৰা নাযায়। ৰাহু আৰু কেতু 18 মে’ 2025 ৰপৰা আপোনাৰ দ্বিতীয় আৰু অষ্টম গৃহত বিৰাজমান হ’ব। মুঠতে, বৰ্ষটোৰ দ্বিতীয় ভাগ আপোনাৰ বাবে কিছু উন্নত হোৱাৰ সম্ভাৱনা আছে কাৰণ আপোনাৰ ৰাশি স্বামী শনি গ্ৰহ তৃতীয় গৃহত স্থিত হ’ব।

এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত মকৰ ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু এই প্ৰৱন্ধটোৰ মাধ্যমেৰে মকৰ ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

মকৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025ৰ মাৰ্চ মাহৰ পিছৰ সময়খিনিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত অপৰিসীম সফলতা কঢ়িয়াই আনিব কাৰম শনি দেৱতা আপোনাৰ তৃতীয় গৃহত উপস্থিত হ’ব। শনি গ্ৰহৰ এই পৰিবহন আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত শুভ হ’ব আৰু এই সময়খিনিত আপুনি যথেষ্ট সফল হ’ব। মাৰ্চ 2025 ৰপৰা কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব।

কিন্তু, এপ্ৰিল 2025 ৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহে নিজৰ ৰাশিৰ পৰিৱৰ্তন কৰি আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব তেতিয়া এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে কিছু জটিল হ’ব পাৰে। এনে পৰিস্থিতিত, আপুনি চাকৰিত পৰিৱৰ্তন বা স্থানান্তৰণৰ সম্মুখীন হ’ব পাৰে।

মকৰ ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে ৰাহুৰ দ্বিতীয় গৃহত আৰু কেতুৰ অষ্টম গৃহত স্থিতিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাক মধ্য়মীয়া ফলাফল প্ৰদান কৰিব পাৰে। আপোনাৰ অষ্টম গৃহত স্থিত কেতুৱে চাকৰিত বাধা আৰু সমস্যা উৎপন্ন কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে মাৰ্চ 2025 ৰ পিছৰ সময়খিনিয়ে উন্নতি কঢ়িয়াই আনিব। এইখিনি সময়ত আপুনি ব্যৱসায়ক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ’ব আৰু আপুনি একেলগে কেইবাটাও নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব যাৰপৰা আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। আপোনাক অৱগত কৰিছোঁ যে 13 জুলাই 2025 ৰপৰা 28 নৱেম্বৰ 2025 পৰ্য্যন্ত শনি গ্ৰহ পশ্চাদগামী অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে, কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি উন্নত হ’ব।

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

মকৰ বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে বৰ্ষ 2025ত মাৰ্চ মাহৰ পিছৰপৰা মকৰ ৰাশিৰ জাতকসকলৰ আৰ্থিক স্থিতি ভাল হ’ব কাৰণ শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ’ব। কিন্তু, ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত ধনৰ সৈতে জড়িত বিষয়ত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা আপোনাৰ লোকচান হ’ব পাৰে। কিন্তু, ৰাহু দ্বিতীয় গৃহত আৰু কেতু অষ্টম গৃহত স্থিত হৈ ধন উপাৰ্জনৰ পথত আপোনাৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। এপ্ৰিল 2025 পৰ্য্যন্ত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম গৃহত উপস্থিত হ’ব তেতিয়ালৈকে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ’ব। কিন্তু মে’ 2025 ৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰিব তেতিয়া সেই সময়খিনিত আপোনাৰ ব্যয় অপ্ৰত্যাশিতভাৱে বৃদ্ধি হোৱা দেখা যাব আৰু আপোনাৰ সঞ্চয় কৰাৰ ক্ষমতাও হ্ৰাস পাব।

অৱশ্যে, মকৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষটোৰ দ্বিতীয় ভাগত আপুনি ধনৰ সৈতে জড়িত বিষয়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। কিন্তু, মে’ 2025 ৰ পিছত আপুনি সম্পত্তি ক্ৰয় কৰাৰ দিশত খোজ দিব পাৰে কাৰণ বৃহস্পতি ষষ্ঠ গৃহত পৰিবহন কৰিব।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰ কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

মকৰ বাৰ্ষিক ৰাশিফল 2025 য়ে কয় যে বৰ্ষ 2025 ৰ আৰম্ভণিৰ চাৰি মাহ অৰ্থাৎ এপ্ৰিল পৰ্য্যন্ত সময়খিনি মকৰ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল হ’ব কাৰণ শিক্ষাৰ কাৰক গ্ৰহ বৃহস্পতি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব। এই বৰ্ষৰ মে’ মাহত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ ষষ্ঠ গৃহত হ’ব যাৰ ফলস্বৰূপে আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আশা কৰাতকৈ বেয়া হোৱাৰ আশংকা কৰা হৈছে। কিন্তু, মাৰ্চ 2025 ৰপৰা আপোনাৰ তৃতীয় গৃহত উপস্থিত শনিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাক বিকাশৰ পথলৈ লৈ যাব আৰু আপোনাক আনতকৈ আগবঢ়াই নিব। যিসকল জাতক উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে ইচ্ছুক তেওঁলোকৰ বাবে মে’ 2025 ৰ সময়খিনি অধিক অনুকূল হ’ব। এই সময়খিনিত আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব সেয়েহে আপোনাৰ বাবে পূৰ্বৰেপৰাই পৰিকল্পনা প্ৰস্তুত কৰি চলাটো অধিক ভাল হ’ব।

মকৰ ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত ৰাহু আৰু কেতুৱে আপোনাক সমৰ্থন নকৰিব পাৰে। এনে পৰিস্থিতিত, মে’ 2025 ৰ পিছত আপোনাক অধ্যয়নত মনোযোগ প্ৰদান কৰাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহ ষষ্ঠ গৃহত উপস্থিত হ’ব। আপোনাৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে যাৰ ফলত আপুনি পঢ়া-শুনাত পিছ পৰি থাকিব পাৰে।

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

মকৰ ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত মকৰ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মাৰ্চ মাহৰ পিছত ভাল হ’ব কাৰণ এই সময়খিনিত শনিয়ে আপোনাৰ তৃতীয় গৃহত পৰিবহন কৰিব। আনহাতে, মে’ 2025 ৰ পিছত বৃহস্পতি আপোনাৰ ষষ্ঠ গৃহত উপস্থিত হ’ব যি আপোনাক ইতিবাচক ফলাফল প্ৰদান নকৰিবও পাৰে। পৰিয়ালত আপুনি উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে যাৰ কাৰণ পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু ভুল বুজাবুজি হ’ব পাৰে। বৃহস্পতি দেৱতাৰ নেতিবাচক স্থিতিৰ কাৰণে পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা-মিছা কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ’ব। লগতে, মকৰ ৰাশিৰ জাতকসকলৰ মনত অসুৰক্ষিতাৰ মনোভাৱ উৎপন্ন হ’ব পাৰে যাক আপোনাক পৰিয়ালৰ বাবে ভাল বুলি ক’ব পৰা নাযায়। আনহাতে, দ্বিতীয় গৃহ আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ পাৰিবাৰিক জীৱনক প্ৰভাৱিত কৰিব পাৰে। কিন্তু, শনিৰ তৃতীয় গৃহত উপস্থিতিয়ে আপোনাৰ পৰিয়ালত নৈতিক মূল্যবোধ বজাই ৰাখিব।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

মকৰ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত মকৰ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন অত্য়ন্ত অনুকূল হ’ব কাৰণ বৃহস্পতি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব। ইয়াৰ ফলস্বৰূপে, এই জাতকসকলৰ প্ৰেম জীৱন প্ৰেম-ভালপোৱাৰে পৰিপূৰ্ণ হৈ থাকিব আৰু আপুনি সম্পৰ্কত সফতা লাভ কৰিব। কিন্তু মকৰ ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025 ৰপৰা শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ’ব আৰু এনে পৰিস্থিতিত আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত কিছুমান সমস্যাৰ পিছত সফলতা প্ৰাপ্ত কৰিব। দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱেও সমস্যা বৃদ্ধিৰ কাম কৰিব পাৰে। সেয়েহে আপুনি প্ৰেম জীৱনত বিলম্বৰ সম্মখীন হ’ব পাৰে। মাৰ্চ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহনে প্ৰেম আৰু বৈবাহিক জীৱনত প্ৰেম আৰু সৌহাৰ্দ্য হ্ৰাস কৰিব পাৰে।

মকৰ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

মকৰ ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ মে’ মাহৰপৰা আপুনি নিয়মিতভাৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব। এই জাতকসকলৰ ভৰিৰ বিষ হ’ব পাৰে। মাৰ্চ 2025 ৰ পিছৰপৰা শনিৰ তৃতীয় গৃহত উপস্থিতিয়ে স্বাস্থ্যৰ দিশত আপোনাৰ সমৰ্থন কৰিব। কিন্তু, দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ দিব লাগিব।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

মকৰ বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে হনুমান চালিশা পাঠ কৰক।
  • শনিবাৰে ৰাহু-কেতুৰ বাবে যজ্ঞ/হোম কৰক।
  • দৈনিক 108 বাৰ “ঔঁ গুৰৱে নমঃ” জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

বৰ্ষ 2025 মকৰ ৰাশিৰ জাতকসকলৰ বাবে ভাল হ’ব নে?

কেৰিয়াৰৰ দৃষ্টিকোণৰপৰা মকৰ ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 য়ে শুভ ফল কঢ়িয়াই আনিব।

মকৰ ৰাশিৰ শত্ৰু ৰাশি কি?

তুলা ৰাশিৰ মকৰ ৰাশিৰ শত্ৰু হিচাপে গণ্য কৰা হয়।

2025 বৰ্ষত মকৰ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কেনে থাকিব?

মে’ 2025 ৰ পিছত মকৰ ৰাশিৰ জাতকসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব।

মকৰ ৰাশিৰ জাতকসকলে কোন ভগৱানৰ পূজা কৰা উচিত?

মকৰ ৰাশিৰ জাতকসকলে হনুমান জী আৰু ভগৱান শিৱৰ পূজা কৰাটো শুভ হ’ব।