Personalized
Horoscope

মেষ ৰাশিফল 2025 (Mesh Rashifol 2025)

আমাৰ এই বিশেষ মেষ ৰাশিফল 2025 প্ৰৱন্ধটো বিশেষভাৱে মেষ ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলটোৰ মাধ্যমেৰে আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহ যেনে আৰ্থিক জীৱন, কেৰিয়াৰ, প্ৰেম, বিবাহ, পৰিয়াল, স্বাস্থ্য, ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত তথ্য লাভ কৰিব যি সম্পূৰ্ণৰূপে জ্যোতিষৰ ওপৰত আধাৰিত। এতিয়া আমি পলম নকৰি আহক আগবাঢ়ি যাওঁ আৰু মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল 2025 য়ে কি কয় সেই সম্পৰ্কে জানো আহক? সাধাৰণ ভাষাত ক’ব পাৰি যে, আপুনি এই বাৰ্ষিক ৰাশিফলৰ মাধ্যমেৰে নতুন বৰ্ষটোৱে আপোনাৰ বাবে কি পৰিৱৰ্তন লৈ আহিব সেই সম্পৰ্কে জানিব পাৰিব।

মেষ ৰাশিফল 2025

Read in English - Aries Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, ৰাশিচক্ৰৰ প্ৰথম ৰাশি মেষ হৈছে অগ্নি তত্ত্বৰ ৰাশি। ইয়াৰ অধিপতি দেৱতা হৈছে মঙ্গল গ্ৰহ সেয়েহে মেষ ৰাশিৰ জাতকসকলে সাধাৰণতে দৃঢ় সংকল্পৱদ্ধ আৰু আক্ৰমণাত্মক স্বভাৱৰ হয়। জনাব বিচাৰিছোঁ যে জানুৱাৰী 2025 বৰ্ষৰ 21 জানুৱাৰী 2025 ৰপৰা বুধৰ ৰাশি মিথুন পশ্চাদগামী অৱস্থাত থাকিব। বুধ গ্ৰহক বুদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত যেতিয়া মিথুন ৰাশি মঙ্গলত বিৰাজমান হ’ব, তেতিয়া জাতকসকলে নিজৰ বুদ্ধিমত্তা তীক্ষ্ণ কৰিবলৈ সক্ষম হ’ব।

বৃহস্পতি মহাৰাজক ভাগ্যৰ কাৰক গ্ৰহ হিচাপে গণ্য কৰা হয় আৰু ই বৰ্ষ 2025 ৰ প্ৰথম ভাগত বৃষ ৰাশিত স্থিত হ’ব আৰু তাৰপিছত 15 মে’ 2025 ত মিথুন ৰাশিত প্ৰৱেশ কৰিব।

বৃষ ৰাশিত স্থিত হৈ বৃহস্পতি গ্ৰহে মেষ ৰাশিৰ জাতকসকলক সুন্দৰ ফল প্ৰদান কৰিব কাৰণ ই 15 মে’ 2025 পৰ্য্যন্ত আপোনাৰ দ্বিতীয় গৃহত বিৰাজমান হ’ব। মাৰ্চ 2025 পৰ্য্যন্ত শনি আপোনাৰ একাদশ গৃহত অনুকূল স্থিতিত থাকিব আৰু ইয়াৰ পিছত এপ্ৰিল 2025 ৰপৰা মেষ ৰাশিৰ জাতকসকলৰ সাড়ে সাতী আৰম্ভ হ’ব। এনে পৰিস্থিতিত, আপুনি জীৱনৰ বিভিন্ন ক্ষেত্ৰত উত্থান-পতনৰ সম্মুখীন হ’ব।

জ্যোতিষশাস্ত্ৰত ছাঁয়া গ্ৰহ হিচাপে প্ৰসিদ্ধ ৰাহু মীন ৰাশিত আৰু কেতু কন্যা ৰাশিত 18 মে’ 2025 পৰ্য্যন্ত থাকিব। ইয়াৰ পিছত, ৰাহুৱে কুম্ভ ৰাশিত আৰু কেতুৱে সিংহ ৰাশিত পৰিবহন কৰিব। লাভকাৰক গ্ৰহ হিচাপে জনাজাত বৃহস্পতি গ্ৰহে আপোনাৰ জীৱনক সঠিক দিশলৈ লৈ গৈ আধ্যাত্মিকতা কঢ়িয়াই আনিব।

আহক তেনেহ’লে আগবাঢ়ি যাওঁ আৰু মেষ বাৰ্ষিক ৰাশিফল 2025 সম্পৰ্কে জানো আহক।

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

মেষ ৰাশিফল 2025 অনুসৰি, মেষ ৰাশিৰ জাকসকলৰ কেৰিয়াৰ কোনো সমস্যা অবিহনে উন্নতিৰ দিশত আগবাঢ়ি যাব কাৰণ ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত শনি দশম গৃহৰ স্বামী হিচাপে আপোনাৰ একাদশ গৃহত স্থিত হ’ব। সোঁৱৰণিৰ এই গৃহটো হৈছে লাভ আৰু ইচ্ছা পূৰণৰ গৃহ। এইখিনি সময়ত জাতকসকলে নিজৰ জীৱনত সন্তুষ্টি লাভ কৰিব। কিন্তু মাৰ্চ মাহৰ পিছত যেতিয়া মেষ ৰাশিৰ জাতকসকলৰ সাড়ে সাতী আৰম্ভ হ’ব তেতিয়া আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত শনি মহাৰাজ মাৰ্চ 2025 পৰ্য্যন্ত চাকৰিত স্থিৰতা প্ৰদান কৰিব। কিন্তু, এপ্ৰিল 2025 ৰ পিছত আপোনাৰ চাকৰিত বোজা অত্য়ন্ত বৃদ্ধি পাব পাৰে যিটো পৰিচালনা কৰাটো আপোনাৰ বাবে যথেষ্ট জটিল হ’ব পাৰে।

ইয়াৰ বিপৰীতে, 15 মে’ 2025 পৰ্য্যন্ত শুভ গ্ৰহ বৃহস্পতি আপোনাৰ নৱম আৰু দ্বাদশ গৃহৰ স্বামী হিচাপে আপোনাৰ দ্বিতীয় গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, এই সময়খিনি ধন উপাৰ্জন কৰিবৰ বাবে ভাল হ’ব। আনহাতে, 13 জুলাই, 2025 ৰপৰা 11 নৱেম্বৰ 2025 ৰ সময়খিনিত শনি পশ্চাদগামী অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে, এই জাতকসকলক নিজৰ কামত মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰা হৈছে কাৰণ আপুনি ইয়াৰ জৰিয়তে আপুনি সুস্থ হৈ থাকিব পাৰিব। শনিৰ পশ্চাদগমনৰ সময়ত আপুনি অসামঞ্জস্যতাৰ স্থিতিলৈ আহিব পাৰে যাৰ ফলত আপুনি মন্থৰ গতিত ফলাফল প্ৰাপ্ত কৰিব।

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

বাৰ্ষিক ৰাশিফলে ভৱিষ্যতবাণী প্ৰদান কৰিছে যে বৰ্ষ 2025 ৰ প্ৰথম ভাগত ধনৰ প্ৰৱাহ সুগম হ’ব কাৰণ 15 মে’ 2025 পৰ্য্যন্ত বৃহস্পতি মহাৰাজ আপোনাৰ চন্দ্ৰ ৰাশিৰ দ্বিতীয় গৃহত উপস্থিত হ’ব। কিন্তু, ইয়াৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ তৃতীয় গৃহত প্ৰৱেশ কৰিব সেই সময়খিনিত আপোনাৰ ব্যয় বৃদ্ধি হোৱা দেখা যাব। এনে পৰিস্থিতিত, এই ব্য়য়সমূহ পূৰণ কৰিবৰ বাবে আপুনি জটিলতাৰ সম্মুখীন হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি সঞ্চয় কৰিবলৈ অসমৰ্ত হ’ব।

মেষ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি আৰ্থিক জীৱনৰ ক্ষেত্ৰত দেখা গৈছে যে শনিৰ সাড়ে সাতীয়ে মেষ ৰাশিৰ জাতকসকলৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। এইখিনি সময়ত আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে যিটো আপুনি চম্ভালিব নোৱাৰিব পাৰে।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান।

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ প্ৰথম ভাগটো মেষ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত ভাল হ’ব কাৰণ শনি মহাৰাজ এপ্ৰিল 2025 পৰ্য্যন্ত আপোনাৰ একাদশ গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত, শনি গ্ৰহৰ এই স্থিতিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ নাম-সন্মান বৃদ্ধি কৰিব।

মেষ ৰাশিফল 2025 অনুসৰি মেষ ৰাশিৰ জাতকসকলে বৰ্ষ 2025 ত নিজৰ পঢ়া-শুনা যথেষ্ট একাগ্ৰতা আৰু সমৰ্পণেৰে কৰা দেখা যাব। কিন্তু, এপ্ৰিল 2025 ৰ পিছত যেতিয়া শনিৰ সাড়ে সাতীৰ প্ৰভাৱ আৰম্ভ হ’ব তেতিয়া ই আপোনাৰ অধ্যয়নত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত, আপুনি শিক্ষাৰ ক্ষেত্ৰত অৱনতি দেখা পাব পাৰে। বৃহস্পতি গ্ৰহৰ স্থিতিক এপ্ৰিল 2025 পৰ্য্যন্ত অধ্যয়নৰ বাবে অনুকূল বুলি ক’ব পৰা যায়। যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা লাভ কৰিব বিচাৰে তেওঁলোকে এপ্ৰিল 2025 ৰপৰা এই দিশত খোজ দিব পাৰিব কাৰণ মাৰ্চ মাহ পৰ্য্য়ন্ত শনি দেৱতা আপোনাৰ একাদশ গৃহত স্থিত হ’ব।

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে মেষ ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন এপ্ৰিল 2025 পৰ্য্যন্ত উত্তম হ’ব কাৰণ এই সময়খিনিত শনি গ্ৰহ আপোনাৰ একাদশ গৃহত স্থিত হ’ব। আমি আপোনাক জনোৱাৰ দৰে মাৰ্চ 2025 ৰপৰা আপোনাৰ সাড়ে সাতী আৰম্ভ হ’ব। ইয়াৰ ফলস্বৰূপে এই জাতকসকলক জীৱনত ধৈৰ্য্যশীল হৈ থকাৰ পৰামৰ্শ প্ৰদান কৰা হৈছে কাৰণ পৰিয়ালৰ বাতাবৰণ চাপপূৰ্ণ হ’ব পাৰে।

এই বৰ্ষত আপোনাৰ পাৰিবাৰিক জীৱনত পাৰস্পৰিক বুজাবুজিৰ অভাৱ হোৱাৰ ফলস্বৰূপে বিবাদ বা মতভেদ দেখা যাব পাৰে। মেষ ৰাশিফল 2025 অনুসৰি আপোনাৰ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজৰ সম্পৰ্ক বেয়া হ’ব পাৰে আৰু এনে পৰিস্থিতিত ঘৰৰ পৰিৱেশ চাপপূৰ্ণ আৰু ভুল বুজাবুজিৰ হ’ব পাৰে। পৰিয়ালৰ লোকসকলৰ মাজৰ পাৰস্পৰিক মিলামিছা প্ৰায় নগন্য হ’ব পাৰে আৰু এই কথা আপোনাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

মেষ ৰাশিফল অনুসৰি বৰ্ষ 2025 ত মেষ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন বিশেষ অনুকূল নোহোৱাৰ অনুমান কৰা হৈছে কাৰণ এপ্ৰিল 2025 ৰপৰা আপোনাৰ সাড়ে সাতী আৰম্ভ হ’ব। আনহাতে, মে’ 2025 ৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ বাবে অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে। কিন্তু, মাৰ্চ 2025 পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে প্ৰেমপূৰ্ণ হ’ব। বৈবাহিক জীৱনৰপৰা প্ৰেম আৰু আকৰ্ষণ হেৰাই যাব পাৰে আৰু এনে পৰিস্থিতিত, সম্পৰ্কত প্ৰেম-ভালপোৱা অটুত ৰখাটো আপোনাৰ বাবে যথেষ্ট প্ৰয়োজনীয় হ’ব।

অৱশ্যে, এই ৰাশিৰ যিসকল জাতক বিবাহপাশত আৱদ্ধ হ’ব বিচাৰে তেওঁলোকে মে’ 2025 ৰ পিছত এনে কৰাটো উচিত নহয়, অন্যথা আপোনাৰ আৰু আপোনাৰ সঙ্গীৰ মাজৰ পাৰস্পৰিক বুজাবুজি হ্ৰাস পাব পাৰে।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা কুণ্ডলী মিলন !

মেষ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

মেষ ৰাশিফল 2025 য়ে প্ৰকাশ কৰে যে মেষ ৰাশিৰ জাতকসকলৰ স্বাস্থ্য্য এপ্ৰিল 2025 ৰ পিছত কিছু দুৰ্বল হ’ব পাৰে কাৰণ আপোনাৰ শনিৰ সাড়ে সাতী আৰম্ভ হ’ব। এনে পৰিস্থিতিত, ই আপোনাৰ বাবে স্বাস্থ্যজনিত সমস্যা উৎপন্ন কৰিব পাৰে। আপোনাৰ স্বাস্থ্যজনিত সমস্যাই আমনি দিব পাৰে যাৰ ফলস্বৰূপে আপোনাৰ ভৰিৰ বিষ হ’ব পাৰে। এপ্ৰিল 2025 ৰ পিছত উন্নত ফলাফলৰ বাবে আপুনি ঈশ্বৰৰ প্ৰতি ভক্তি ৰখাটো উচিত।

মেষ বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়সমূহ

  • প্ৰতিদিনে দুৰ্গা চালিশা পাঠ কৰক। যদিহে এনে কৰাটো সম্ভৱ নহয়, তেনেহ’লে শুভ ফল লাভ কৰিবৰ বাবে মঙগ্লবাৰে দুৰ্গা চালিশা পাঠ কৰক।
  • মঙ্গলবাৰে ৰাহু গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • প্ৰতিদিনে "ঔঁ ভৈৰৱায় নমঃ" 21 বাৰ জপ কৰক।

আপোনাৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

মেষ ৰাশিৰ জাতকসকলৰ বাবে 2025 বৰ্ষটো ভাগ্যশালী হ’ব নে?

2025 ৰ গ্ৰহীয় স্থিতিসমূহে মেষ ৰাশিৰ জাতকসকলৰ বাবে সফলতা, প্ৰেম আৰু আত্ম-অনুসন্ধানৰ সুযোগ কঢ়িয়াই আনিব।

2025 বৰ্ষত কোন ৰাশিৰ জাতকসকল সকলোতকৈ সৌভাগ্যশালী হ’ব?

মেষ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৃষ, মিথুন, মকৰ, আৰু মীন ৰাশিৰ জাতকসকল সকলোতকৈ ভাগ্যশালী হ’ব।

2025 বৰ্ষত মেষ ৰাশিৰ জাতকসকলৰ ভৱিষ্যত কেনে হ’ব?

মেষ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, মেষ ৰাশিৰ জাতকসকলৰ বাবে এই বৰ্ষটো আৰ্থিকভাৱে টনকীয়াল হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ’ব।

মেষ ৰাশিৰ জাতকসকল এই বৰ্ষত ধনী হ’ব নে?

তেওঁলোকে নিজৰ উচ্চাকাংক্ষী তথা প্ৰতিযোগিতামূলক মনোভাৱ আৰু স্পৃহাৰ জৰিয়তে যিকোনো বিপদাশংকা গ্ৰহণ কৰি সফলতা লাভ কৰিব পাৰিব।

মেষ ৰাশিৰ জাতকসকলে জীৱনত সফলতা প্ৰাপ্ত কৰিব পাৰিব নে?

মেষ ৰাশিৰ সকলো জাতকসকলে জীৱনত সফলতা লাভ কৰিব পাৰিব।