Personalized
Horoscope

মিথুন ৰাশিফল 2025 (Mithun Rashifol 2025)

MyKundali য়ে বিশেষভাৱে মিথুন ৰাশিফল 2025 মিথুন ৰাশিৰ জাতকসকলৰ বাবে প্ৰস্তুত কৰি তুলিছে য’ত আপুনি নিজৰ জীৱনৰ বিভিন্ন দিশসমূহ যেনে কেৰিয়াৰ, আৰ্থিক, প্ৰেম, বিবাহ, ব্যৱসায়, স্বাস্থ্য, বাণিজ্য আদিৰ বিষয়ে বিস্তাৰপূৰ্বক তথ্য প্ৰাপ্ত কৰিব পাৰিব। এই ৰাশিফল সম্পূৰ্ণৰূপে বৈদিক জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত। এই ভৱিষ্যতফলৰ সহায়ত আপুনি জানিব পাৰিব মিথুন ৰাশিৰ জাতকসকলৰ বাবে নতুন বৰ্ষ অৰ্থাৎ 2025 বৰ্ষটোৱে কি লৈ আহিব? এই জাতকসকলে জীৱনত কেনেধৰণৰ উত্থান-পতনৰ সম্মুখীন হ’ব সেই প্ৰশ্নৰ উত্তৰ এই ৰাশিফলত প্ৰাপ্ত কৰিব।

মিথুন বাৰ্ষিক ৰাশিফল 2025

Read in English - Gemini Yearly Horoscope 2025

মিথুন বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, ৰাশিচক্ৰত মিথুন ৰাশি তৃতীয় স্থানত আহে যি হৈছে বায়ু তত্ত্বৰ ৰাশি। এই ৰাশিৰ অধিপতি দেৱতা হৈছে বুধ গ্ৰহ আৰু এই কাৰণবশতঃ মিথুন ৰাশিৰ জাতকসকল বুদ্ধিমান, কৌশলী আৰু বিশ্লেষণাত্মক গুণেৰে পৰিপূৰ্ণ হয়।

মিথুন বাৰ্ষিক ৰাশিফল 2025 অনুসৰি এই ৰাশিৰ অধীনত জন্ম গ্ৰহণ কৰা জাতকসকলৰ ক্ষেত্ৰত প্ৰায়েই দেখা যায় যে কেতিয়াবা কেতিয়াবা এই লোকসকলে সমস্যাৰ পৰিণাম নজনাকৈয়ে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰে যাৰ ফলস্বৰূপে তেওঁলোকৰ নিজৰ সমস্যা বৃদ্ধি হ’ব পাৰে।

বৰ্ষ 2025 ত লাভকাৰী গ্ৰহ হিচাপে বৃহস্পতি গ্ৰহে 15 মে’ 2025 ত বৃষ ৰাশিৰপৰা মিথুন ৰাশিত পৰিবহন কৰিব। অৱশ্যে, এই পৰিবহনক মিথুন ৰাশিৰ জাকসকলৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায় কাৰণ এই পৰিবহন আপোনাৰ চন্দ্ৰ ৰাশিৰ প্ৰথম গৃহত হ’ব। সোঁৱৰণিৰ প্ৰথম/লগ্ন গৃহটো হৈছে স্বয়ঙৰ গৃহ। এই বৰ্ষত হ’বলগীয়া শনিৰ পৰিবহনেও আপোনাৰ বাবে মধ্য়মীয়া ফল কঢ়িয়াই আনিব যি মীন ৰাশিত পৰিবহন কৰি 29 মাৰ্চ 2025 পৰ্য্যন্ত দশম গৃহত স্থিত হ’ব। আনহাতে, 18 মে’ 2025 ৰপৰা ৰাহু আপোনাৰ নৱম গৃহত আৰু কেতু আপোনাৰ তৃতীয় গৃহত পৰিবহন কৰিব। এই গৃহত স্থিত হৈ এই দুয়োটা গ্ৰহে আপোনাক ইতিবাচক ফল প্ৰদান কৰিব। আপোনাৰ ৰাশিত বৃহস্পতি মহাৰাজৰ উপস্থিতিয়ে আপোনাৰ পৰীক্ষা ল’ব পাৰে। শনিৰ দশম গৃহত উপস্থিতিক আপোনাৰ বাবে ভাল বুলি ক’ব পৰা যাব।

আহক তেনেহ’লে পলম নকৰি আগবাঢ়ি যাওঁ আৰু মিথুন বাৰ্ষিক ৰাশিফল 2025 সম্পৰ্কে অৱগত হওঁ।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ বৰ্ষ 2025 ত বিকাশৰ দিশত আগবাঢ়িব কাৰণ শনি মহাৰাজ হৈছে আপোনাৰ অষ্টম আৰু নৱম গৃহৰ স্বামী। অৱগত কৰিব বিচাৰিছোঁ যে দশম গৃহত বিৰাজমান শনিৰ স্থিতি আপোনাৰ বাবে অুনকূল হ’ব আৰু এনে পৰিস্থিতিত, ই আপোনাৰ কৰ্মক্ষেত্ৰত উন্নত সুযোগ প্ৰদান কৰিব কিন্তু তাৰ লগতে প্ৰত্যাহ্বানো কঢ়িয়াই আনিব পাৰে। এই ধৰণৰ সুযোগবোৰে আপোনাৰ জীৱনলৈ সমৃদ্ধি আনিব। এই লোকসকল চাকৰিৰ পৰিৱৰ্তন বা চাকৰিৰ স্থানান্তৰণৰ সম্মুখীন হ’ব পাৰে যাৰ ফলস্বৰূপে বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিত স্থিত হ’ব।

মিথুন ৰাশিফল 2025 অনুসৰি এই সময়ছোৱাত জাতকসকল নিজৰ চাকৰিক লৈ যথেষ্ট ব্যস্ত হৈ থাকিব। চাকৰিত হোৱা পৰিৱৰ্তন আপুনি পছন্দ নকৰিবও পাৰে আৰু ইয়াক লৈ আপুনি চিন্তিত হৈ থাকিব পাৰে। এইখিনি সময়ত মিথুন ৰাশিৰ জাতকসকলে নিজৰ কামত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে স্বীকৃতি লাভ নকৰিবও পাৰে যাৰ ফলস্বৰূপে তেওঁলোক হতাশ হ’ব পাৰে। কিন্তু, আগষ্ট 2025 ৰ পিছৰ সময়খিনিয়ে আপোনাৰ বাবে সকাহ আনি দিব কাৰণ আপুনি এই সমস্যাসমূহৰপৰা পৰিত্ৰাণ লাভ কৰিবলৈ সক্ষম হ’ব।

আপোনাৰ ৰাশিত স্থিত হৈ বৃহস্পতি গ্ৰহৰ দৃষ্টি আপোনাৰ পঞ্চম, সপ্তম আৰু নৱম গৃহত পৰিব। এনে পৰিস্থিতিত, আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত অনছাইট চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। এনে ধৰণৰ সুযোগ লাভ কৰি আপুনি যথেষ্ট সন্তুষ্ট হৈ পৰিব আৰু আপুনি কামত নিজৰ দক্ষতাও প্ৰদৰ্শন কৰিব পাৰিব।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত মিথুন ৰাশিৰ জাতকসকলৰ আৰ্থিক জীৱনত মে’ৰ পিছত ধনৰ প্ৰৱাহ সিমান ভাল নোহোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ বিপৰীতে, আপুনি অত্য়াধিক ব্যয়ৰ সম্মুখীন হ’ব পাৰে। এয়া হোৱাৰ কাৰণ হৈছে বৃহস্পতি গ্ৰহ সপ্তম গৃহৰ স্বামী হিচাপে প্ৰথম গৃহত স্থিত হ’ব যাক অশুভ হিচাপে গণ্য কৰা হৈছে যাৰ ফলত আপুনি ধনৰ অভাৱৰ সমস্যাৰ সম্মুখীন হ’ব পাৰে।

এইখিনি সময়ত আপুনি আৰ্থিক জীৱনত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত, আপোনাৰ আয় আৰু ব্যয়ৰ মাজত অসন্তুলন হ’ব পাৰে আৰু এয়া চম্ভালাটো আপোনাৰ বাবে সিমান সহজ নহ’ব।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে প্ৰয়োজনীয় হ’ব যে আপুনি যাতে বিনিয়োগৰ দৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰে, অন্যথা আপুনি লোকচানৰ সম্মুখীন হ’ব পাৰে। ছাঁয়া গ্ৰহ হিচাপে 18 মে’ 2025 ৰপৰা ৰাহু আপোনাৰ তৃতীয় আৰু কেতু আপোনাৰ নৱম গৃহত স্থিত হ’ব আৰু এই দুয়োটা গ্ৰহৰ স্থিতি আপোনাৰ বাবে শুভ হ’ব।

অৱশ্যে, এইসকল লোকে বৰ্ষ 2025 ৰ অন্তত কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা দেখা যাব যাৰ জৰিয়তে আপুনি ভাল লাভ প্ৰাপ্ত কৰিব।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

বাৰ্ষিক ৰাশিফলে কয় যে শিক্ষাৰ দৃষ্টিকোণৰপৰা মিথুন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষ 2025 ক অধিক অনুকূ ক’ব পৰা নাযায় কাৰণ মে’ 2025 ৰ পিছৰপৰা বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ লগ্ন গৃহত উপস্থিত হ’ব।

মিথুন ৰাশিফল 2025 অনুসৰি মাৰ্চ 2025 ৰ পিছত অধ্যয়নৰপৰা আপোনাৰ মনোযোগ বিচলিত হ’ব পাৰে কাৰণ শনি দেৱতাৰ দৃষ্টি আপোনাৰ চতুৰ্থ গৃহত পৰিব। সোঁৱৰণিৰ চতুৰ্থ গৃহটো হৈছে শিক্ষাৰ গৃহ। এনে পৰিস্থিতিত, পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি মন্থৰ হ’ব পাৰে অথবা আপোনাৰ একাগ্ৰতাৰ ক্ষমতা দুৰ্বল হ’ব পাৰে।

মে’ 2025 ৰ পিছত যেতিয়া বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম গৃহত পৰিব তেতিয়া আপুনি শিক্ষাৰ সন্দৰ্ভত ভাল প্ৰদৰ্শ কৰিব পাৰিব।

শিক্ষাৰ কাৰক গ্ৰহ আৰু আপোনাৰ ৰাশি স্বামী বুধে 06 জুন 2025 ৰপৰা 22 জুন 2025 লৈ আৰু 15 ছেপ্তেম্বৰ 2025 ৰপৰা 03 অক্টোবৰ 2025 লৈ আপোনাক শিক্ষাৰ ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব।

ইয়াৰ উপৰিও, ওপৰত উল্লিখিত সময়ছোৱাত আপোনাৰ একাগ্ৰতা শক্তিশালী হ’ব আৰু আপুনি অধ্য়য়নত মনোযোগ কেন্দ্ৰিত কৰিব পাৰিব।

এনে পৰিস্থিতিত মিথুন ৰাশিৰ জাতকসকল প্ৰদৰ্শন পঢ়া-শুনাত আগতকৈ ভাল হ’ব আৰু আপুনি পেছাগত মনোভাৱেৰে শিক্ষাক আগবঢ়াব। লগতে, আপুনি বিদেশলৈ গৈ অধ্য়য়ন কৰাৰ সুযোগ লাভ কৰিব।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

মিথুন বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত মিথুন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মধ্যমীয়া হ’ব। পৰিয়ালৰ সদস্যসকলে কামত সিমান ভাল ফল লাভ নকৰিব পাৰে। মে’ 2025 ৰপৰা আপোনাৰ প্ৰথম বা লগ্ন গৃহত স্থিত বৃহস্পতি গ্ৰহে আপোনাৰ সুখ-আনন্দ হ্ৰাস কৰিব পাৰে।

এইখিনি সময়ত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত অহংকাৰৰ জন্ম হ’ব পাৰে যাৰ ফলস্বৰূপে ঘৰৰ পৰিৱেশ সুখময় কৰি ৰখাৰ ক্ষেত্ৰত আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। লগ্ন গৃহত স্থিত বৃহস্পতি গ্ৰহৰ বাবে পৰিয়ালৰ সদস্যসকলৰ মাজত সৌহাৰ্দ্য হ্ৰাস পাব পাৰে।

মিথুন ৰাশিফল 2025 অনুসৰি আপোনাৰ ৰাশিৰ জাতকসকলৰ বাবে শুক্ৰ হৈছে আপোনাৰ পঞ্চম গৃহৰ স্বামী আৰু ই 02 মাৰ্চ 2025 ৰপৰা 13 এপ্ৰিল 2025 পৰ্য্যন্ত পশ্চাদগামী অৱস্থাত থাকিব। ইয়াৰ ফলস্বৰূপে, আপুনি সম্পৰ্কত আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে সমস্যাৰ সম্মুখীন হ’ব পাৰে। এইখিনি সময়ত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে আইনী বা সম্পত্তিৰ লগত জড়িত বিবাদৰ সম্মুখীন হ’ব পাৰে। এই লোকসকলৰ কথা-বতৰা কোৱাৰ ক্ষমতাও প্ৰভাৱিত হ’ব পাৰে আৰু এনে পৰিস্থিতিত ঘৰ-পৰিয়ালৰ লোকৰ সৈতে যুক্তি-তৰ্ক হোৱাৰ আশংকা কৰা হৈছে। দ্বিস্বভাৱ ৰাশি হোৱাৰ ফলস্বৰূপে মিথুন ৰাশিৰ জাতকসকলক পৰিয়ালত চলি থকা সমস্যা সম্পৰ্কে দ্বিধাবোধ নকৰাকৈ আলোচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে অন্যথা এই লোকসকলে পৰিয়ালত গম্ভীৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

বাৰ্ষিক ৰাশিফলে কয় যে প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰপৰা মিথুন ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 বিশেষ অনুকূল নোহোৱাৰ আশংকা কৰা হৈছে। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ’লে আপোনাৰ সঙ্গীৰ সৈতে মতভেদ বা বিবাদ হ’ব পাৰে। যিসকল জাতকৰ বিবাহ হৈছে তেওঁলোকৰ সম্পৰ্কৰপৰা সুখ-আনন্দ নাইকিয়া হ’ব পাৰে।

অৱশ্যে, যদিহে আপুনি বিয়াৰ কথা ভাবিছে তেনেহ’লে আপোনালোকৰ সম্পৰ্কত চাপ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে অথবা এই বৰ্ষত আপোনাৰ বিবাহ হোৱাৰ সম্ভাৱনা যথেষ্ট কম। আপুনি আপোনাক ইতিমধ্যে কোৱাৰ দৰে মিথুন ৰাশি হৈছে দ্বিস্বভাৱৰ ৰাশি আৰু এই কাৰণবশতঃ আপুনি নিজৰ বৈবাহিক জীৱনত প্ৰেম আৰু সৌহাৰ্দ্য বৰ্ত্তাই ৰখাত অসফল হ’ব পাৰে। এনে পৰিস্থিতিত, এই জাতকসকলৰ বাবে জৰুৰী হ’ব যে আপুনি নিজৰ অহংকাৰক এফলীয়া কৰি থৈ সঙ্গীৰ সৈতে সম্পৰ্কত প্ৰেম-ভালপোৱা বৰ্ত্তাই ৰখাৰ প্ৰয়াস কৰক যাৰ ফলত আপোনালোক দুয়ো সুখী হ’ব পাৰিব। বৃহস্পতি মহাৰাজৰ দৃষ্টি আপোনাৰ পঞ্চম আৰু সপ্তম গৃহত পৰাৰ ফলত জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰেমপূৰ্ণ হৈ থাকিব।

মিথুন ৰাশিফল 2025 অনুসৰি প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰ হৈছে আপোনাৰ পঞ্চম গৃহৰ স্বামী যি 29 জুন 2025 ৰপৰা 26 জুলাই 2025 পৰ্য্যন্ত আৰু ইয়াৰ পিছত 02 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 পৰ্যঅযন্ত আপুনি প্ৰেম জীৱনত ইতিবাচক ফল লাভ কৰিব। এই সময়খিনিক প্ৰেম আৰু বিবাহৰ বাবে ভাল বুলি ক’ব পৰা যায়।

মিথুন ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

মিথুন বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহ পৰ্য্যন্ত ভালে থাকিব। কিন্তু, এপ্ৰিলৰ পিছত বৃহস্পতি আৰু শনিৰ পৰিবহন আপোনাৰ বাবে অনুকূল নহ’ব। বৃহস্পতি দেৱতা নিজৰ ৰাশিত স্থিত হ’ব আৰু ইয়াৰ ফলত আপুনি মেদবহুলতাৰ চিকাৰ হ’ব পাৰে যাৰ ফলস্বৰূপে আপুনি অসহজ অনুভৱ কৰিব পাৰে। লগতে, এই বৰ্ষত আপোনাৰ আলস্য বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে আৰু আপোনাৰ ভিতৰত আত্মবিশ্বাস হ্ৰাস হোৱাও দেখা যাব পাৰে। বৃহস্পতি গ্ৰহ আপোনাৰ লগ্ন গৃহত উপস্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ বাৰে বাৰে কাহ-পানীলগা হ’ব পাৰে। অৱশ্যে, বুধ হৈছে আপোনাৰ প্ৰথম গৃহৰ স্বামী আৰু ই বৃহস্পতি গ্ৰহৰ প্ৰতি শত্ৰুতা ভাৱ ৰাখে। মিথুন ৰাশিফল 2025 অনুসৰি এনে পৰিস্থিতিত, বৃহস্পতি দেৱতাই আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি সমস্যাৰ সম্মুখীন হ’ব পাৰে। সম্ভৱ হ’লে নিজৰ ফিটনেছ বৰ্ত্তাই ৰাখক তেতিয়াহে আপুনি সুস্বাস্থ্য বৰ্ত্তাই ৰাখিব পাৰিব।

মিথুন বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • বৃহস্পতিবাৰে লিংগাষ্টকম পাঠ কৰক।
  • মঙ্গলবাৰে কেতু গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • প্ৰতিদিনে "ওঁ কেতৱে নমঃ" 21 বাৰ জপ কৰক।
  • দৈনিক "ওঁ গুৰৱে নমঃ" 11 বাৰ জপ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ বাবে 2025 বৰ্ষটো ভাল হ’ব নে?

মিথুন ৰাশিৰ জাতকসকলৰ কেৰিয়াৰ বৰ্ষ 2025 ত বিকাশৰ দিশত আগবাঢ়িব।

2025 বৰ্ষত কোন ৰাশিৰ জাতকসকল সকলোতকৈ সৌভাগ্যশালী হ’ব?

2025 বৰ্ষত বৃষ, মিথুন, মকৰ, আৰু মীন ৰাশিৰ জাতকসকল সকলোতকৈ ভাগ্যশালী হ’ব।

2025 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন কেনে হ’ব?

2025 ত মিথুন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন মধ্যমীয়া হ’ব।

2025 বৰ্ষত মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্য কেনে থাকিব?

বৰ্ষ 2025 ত মিথুন ৰাশিৰ জাতকসকলৰ স্বাস্থ্য এপ্ৰিল মাহ পৰ্য্যন্ত ভালে থাকিব।