Personalized
Horoscope

সিংহ ৰাশিফল 2025 (Singha Rashifol 2025)

এই বিশেষ সিংহ ৰাশিফল 2025 ৰ মাধ্যমেৰে আমি সিংহ ৰাশিৰ জাতকসকলক বৰ্ষ 2005ৰ বাবে ভৱিষ্যতবাণী প্ৰদান কৰিম। এই ৰাশিফলৰ অধীনত নতুন বৰ্ষ অৰ্থাৎ 2005 ৰ সিংহ ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশ যেনো কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত ফল প্ৰদান কৰিব। এই নতুন বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব? এই সকলোবোৰ তথ্য আপুনি সিংহ বাৰ্ষিক ৰাশিফলত প্ৰাপ্ত কৰিব।

সিংহ বাৰ্ষিক ৰাশিফল 2025

Read in English - Leo Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিচক্ৰৰ পঞ্চম ৰাশি হৈছে সিংহ ৰাশি আৰু ই হৈছে অগ্নি তত্ত্বৰ ৰাশি। এই ৰাশিৰ অধিপতি হৈছে গ্ৰহৰ ৰজা সূৰ্য্য় ৰাশি। এই বৰ্ষৰ আৰম্ভণিতে বৃহস্পতি মহাৰাজ দশম গৃহত স্থিত হ’ব আৰু মে’ 2025 ৰপৰা বৃহস্পতি দেৱতা আপোনাৰ একাদশ গৃহত পৰ্ৱেশ কৰিব। ই আপোনাক কৰ্মত ভাল ফল প্ৰদান কৰিব। আনহাতে,ৰাহু আপোনাৰ সপ্তম গৃহত স্থিত হ’ব আনহাতে কেতু আপোনাৰ প্ৰথম গৃহত স্থতৃিত হ’ব। এই দুয়োটা গ্ৰহৰ স্থিতিক ভাল বুলি ক’ব পৰা নাযায় আৰু এনে পৰিস্থিতিত, এই বৰ্ষ জুৰি আপুনি নেতিবাচক ফল প্ৰদান কৰিব।

আনহাতে, সিংহ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত মাৰ্চ মাহ পৰ্য্যন্ত শনি দেৱতা আপোনাৰ ষষ্ঠ আৰু সপ্তম গৃহৰ স্বামী হিচাপে সপ্তম গৃহত উপস্থিত হ’ব। কিন্তু, এপ্ৰিল 2025 ৰপৰা ই আপোনাৰ অষ্টম গৃহত পৰিবহন কৰিব। ইয়াৰ বিপৰীতে, বৃহস্পতি গ্ৰহ মে’ৰপৰা পঞ্চম আৰু অষ্টম গৃহৰ স্বামী হিচাপে আপোনাৰ একাদ গৃহত উপস্থিত হ’ব। এনে পৰিস্থিতিত, বৃহস্পতি দেৱতাৰ স্থিতিক আপোনাৰ বাবে অনুকূল বুলি ক’ব পৰা যায় আৰু ই আপোনাক শুভ ফল প্ৰদান কৰিব।

যেতিয়া মে’ 2025 ৰ পিছত বৃহস্পতি গ্ৰহে পৰিবহন কৰি শক্তিশালী স্থিতিলৈ আহিব, তেতিয়া সেই সময়খিনি কেৰিয়াৰৰ সৈতে জড়িত কোনো ডাঙৰ সিদ্ধান্ত যেনে চাকৰিৰ পৰিৱৰ্তন বা নতুন ব্যৱসায়ৰ আৰম্ভণি আদিৰ দৰে সিদ্ধান্ত ল’বৰ বাবে ভাল প্ৰমাণিত হ’ব। যিসকল জাতকে কোনো ডাঙৰ বিনিয়োগ কৰিব বিচাৰে সেয়া এই সময়খিনিত কৰিব পাৰে কাৰণ এইখিনি সময়ত আপুনি ইতিবাচক ফল প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে।

ছাঁয়া গ্ৰহ ৰাহু আৰু কেতুৰ ক্ষেত্ৰত দেখা যায় যে, মে’ 2025 ৰপৰা এই দুয়োটা গ্ৰহ আপোনাৰ সপ্তম আৰু প্ৰথম গৃহত স্থিত হ’ব। এই স্থিতিৰ ফলস্বৰূপে সিংহ ৰাশিৰ জাতকসকলে নিজৰ সঙ্গীৰ সৈতে পাৰস্পৰিক মিলা-মিছা বৰ্ত্তাই ৰখাত সমস্যা অনুভৱ কৰিব পাৰে অথবা সম্পৰ্কত প্ৰেম-ভালপোৱাৰ অভাৱ অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও, এই লোকসকলৰ প্ৰেম জীৱনক ৰাহু-কেতুৱে নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ উপৰিও, আপোনালোক দুয়োৰে মাজত অহংকাৰৰ লগত জড়িত সমস্যা উৎপন্ন হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু সিংহ ৰাশিফল 2025 প্ৰৱন্ধটোৰ মাধ্যমেৰে সিংহ ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

সিংহ ৰাশিফল 2025 অনুসৰি, বৰ্ষ 2025 ত সিংহ ৰাশিৰ জাতকসকলে চাকৰিৰ সন্দৰ্ভত মধ্যমীয়া ফল লাভ কৰিব কাৰণ মাৰ্চ 2025 ৰ পিছত শনি গ্ৰহ আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। এই গৃহত বিৰাজমান শনি দেৱতাই আপোনাৰ চাকৰিত বাধা আৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে আৰু কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে বৰ্ষটোক বিশেষ ভাল বুলি ক’ব পৰা নাযায়। লগতে, এইখিনি সময়ত আপুনি কোনো নতুন অংশীদাৰিত্ব গঢ়ি তোলাটোও পৰিহাৰ কৰিব।

সিংহ ৰাশিৰ যিসকল জাতকে চাকৰি কৰে আৰু নতুন চাকৰিৰ সন্ধানত আছে তেওঁলোকৰ বাবে মে’ 2025 ৰ পিছৰ সময়খিনিয়ে কিছুমান উন্নত সুযোগ কঢ়িয়াই আনিব পাৰে কাৰণ বৃহস্পতি দেৱতা আপোনাৰ চন্দ্ৰ ৰাশিৰ একাদশ গৃহতত স্থিত হ’ব। ইয়াত স্থিত বৃহস্পতি দেৱতাই আপোনাৰ ভাগ্যক শক্তিশালী কৰি তুলিব। শনি অষ্টম গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ জ্যেষ্ঠ্য বিষয়াসকলৰ সৈতে সম্পৰ্কত উত্থান-পতন আহিব পাৰে।

আনহাতে, আপোনাৰ সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতু স্থিত হোৱাৰ ফলত চাকৰিত চাপ বৃদ্ধি পাব পাৰে। আপুনি জ্যেষ্ঠ্য বিষয়াসকলৰদ্বাৰা স্বীকৃতি লাভ নকৰিব পাৰে। যদিহে আপুনি ব্যৱসায়ী আৰু কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ’লে আপুনি সাৱধানতা অৱলম্বন কৰা উচিত।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

সিংহ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত সিংহ ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত মধ্যমীয়া ফল প্ৰাপ্ত কৰিব। লগতে, আপোনাৰ সম্মুখলৈ এটাৰ পিছত এটা খৰচ আহিব।

অৱশ্যে, মে’ 2025 ৰ পিছৰ সময়খিনিক ধনৰ সৈতে জড়িত বিষয়ৰ বাবে ভাল বুলি ক’ব পৰা যায়। এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণে ধনৰ সঞ্চয় কৰিব পাৰে। এই জাতকসকলে আৰ্থিক জীৱনত বিনিয়োগৰ সৈতে জড়িত সিদ্ধান্ত যথেষ্ট ভাবি-চিন্তি গ্ৰহণ কৰা দেখা যাব যাৰ ফলত আপুনি ভাল লাভ প্ৰাপ্ত কৰিব।

আনহাতে, আপোনাৰ সপ্তম গৃহত ৰাহু আৰু প্ৰথম গৃহত কেতু স্থিত হ’ব। এনে পৰিস্থিতিত, ই আপোনাৰ জীৱনলৈ অযথা ব্যয় কঢ়িয়াই আনিব পাৰে যাৰ ফলস্বৰূপে আপুনি চিন্তিত হ’ব পাৰে।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

সিংহ বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে সিংহ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে বৰ্ষ 2025 ক শিক্ষাৰ দৃষ্টিকোণৰপৰা বিশেষ ভাল বুলি ক’ব পৰা নাযায় কাৰণ আপোনাৰ ৰাশিৰ দশম গৃহত বৃহস্পতি গ্ৰহ উপস্থিত হ’ব। এনে পৰিস্থিতিত, এই সময়খিনিক আপোনাৰ কিছু দুৰ্বল বুলি ক’ব পৰা যায়। অৱশ্যে, মে’ 2025 ত বৃহস্পতি দেৱতাই পৰিবহন কৰি একাদশ গৃহত প্ৰৱেশ কৰিব যি শিক্ষাৰ ক্ষেত্ৰত উন্নতি কঢ়িয়াই আনিব। এনে পৰিস্থিতিত, আপুনি অধ্যয়নত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।

সিংহ ৰাশিফল 2025 অনুসৰি মে’ 2025 ৰ পিছৰ সময়খিনিত আপুনি এডভান্স ষ্টাডিজ আৰম্ভ কৰিব পাৰে অথবা যিসকল শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিছে তেওঁলোকে তাত অত্যন্ত ভাল প্ৰদৰ্শন কৰি সকলোকে আশ্চৰ্য্যাম্বিত কৰি তুলিব পাৰে। এইখিনি সময়ত আপুনি নিজৰ যোগ্যতা আৰু ক্ষমতা প্ৰমাণিত কৰিবলৈ সমৰ্থৱান হ’ব।

এই বৰ্ষৰ মাৰ্চ 2025 ৰপৰা আপোনাৰ ৰাশিৰ অষ্টম গৃহত শনি দেৱতা বিৰাজমান হ’ব। ইয়াৰ ফলস্বৰূপে, আপুনি শিক্ষাৰ ক্ষেত্ৰত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে। পঢ়া-শুনাৰ পৰা আপোনাৰ মনোযোগ ভংগ হ’ব পাৰে। ছাঁয়া গ্ৰহ হিচাপে ৰাহু-কেতুৱে আপোনাৰ শিক্ষাক প্ৰভাৱিত কৰিব পাৰে আৰু এনে পৰিস্থিতিত, অধ্যয়নত আপোনাৰ বিকাশৰ গতি মন্থৰ হ’ব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ প্ৰদৰ্শনৰ ওপৰতো পৰিব পাৰে। অৱশ্য়ে, এই সময়খিনিত বৃহস্পতি গ্ৰহে আপোনাক সহায় কৰিব।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

সিংহ বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ত মে’ মাহৰ পিছত সিংহ ৰাশিৰ জাতকসকলে পাৰিবাৰিক জীৱনত ভাল ফল প্ৰাপ্ত কৰিব। এইখিনি সময়ত আপুনি পৰিয়ালৰ সৈতে সময় কটাব আৰু তেওঁলোকৰ সৈতে আপুনি ক’ৰবাত বাহিৰলৈ ফুৰিবলৈ যাব পাৰে। এনে পৰিস্থিতিত, আপুনি এইখিনি সময়ৰ আনন্দ উপভোগ কৰা দেখা যাব। এয়া সেয়েহে সম্ভৱ হ’ব কাৰণ মে’ 2025 ৰ পিছত বৃহস্পতি গ্ৰহৰ স্থিতি শুভ হ’ব।

এই সময়খিনিৰ আনন্দ উপভোগ কৰাৰ লগতে আপুনি নিজৰ জীৱনত উচ্চ মূল্যবোধ স্থাপিত কৰিবলৈ সক্ষম হ’ব।

আমি ইতিমধ্যে আপোনাক কোৱাৰ দৰে বৃহস্পতি মহাৰাজ অনুকূল স্থিতিত থাকিব, কিন্তু শনি দেৱতা আপোনাৰ চন্দ্ৰ ৰাশিৰ অষ্টম গৃহত স্থিত হ’ব। ইয়াৰ ফলস্বৰূপে, আপুনি পাৰিবাৰিক জীৱনত সমস্যাৰ সম্মুখীন হ’ব পাৰে যাৰ ফলত পৰিয়ালত সুখ-আনন্দ হ্ৰাস পাব পাৰে।

ইয়াৰ উপৰিও, সিংহ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি ৰাহু প্ৰথম গৃহত আৰু কেতু সপ্তম গৃহত উপস্থিত হৈ ঘৰ-পৰিয়ালত প্ৰেম আৰু সৌহাৰ্দ্য হ্ৰাস পাব পাৰে। লগতে, ইয়াৰ প্ৰভাৱ পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্কত পৰিব পাৰে।

অৱশ্যে, মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ বাবে ভাল হ’ব আৰু এনে পৰিস্থিতিত পৰিয়ালত সুখ-আনন্দ বৃদ্ধি হহোৱাৰ যোগ আছে।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

সিংহ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত প্ৰেম আৰু বৈবাহিক জীৱনক ভাল বুলি ক’ব পৰা নাযায়। কিন্তু, মে’ ৰ পিছৰ সময়খিনিয়ে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে শুভ ফল কঢ়িয়াই আনিব। যদিহে আপুনি কাৰোবাক ভাল পায় তেনেহ’লে এই সময়খিনিয়ে আপোনাক সফলতা প্ৰদান কৰিব। আনহাতে, যিসকল জাতকে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে মে’ৰ পিছৰ সময়খিনি ভাল হ’ব।

ইয়াৰ বিপৰীতে, শনি দেৱতা অষ্টম গৃহত স্থিত হৈ জীৱনসঙ্গীৰ সৈতে আপোনাৰ সম্পৰ্কৰ পৰীক্ষা ল’ব। এনে পৰিস্থিতিত, আপোনাৰ সঙ্গীৰ সৈতে যুক্তি-তৰ্ক বা বিবাদ হ’ব পাৰে। এনেদৰে আপোনাৰ ৰাশিৰ প্ৰথম গৃহত ৰাহু আৰু সপ্তম গৃহত কেতুৰ স্থিতিয়ে আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে আপুনি জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত আৱেগিক উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে যি মতভেদৰ কাৰক হৈ পৰিব পাৰে। এনে পৰিস্থিতিত, এই জাতকসকলে সম্পৰ্কত মধুৰতা বৰ্ত্তাই ৰাখিবৰ বাবে ধৈৰ্য্য ধৰিব লাগিব।

শুক্ৰ দেৱতাক প্ৰেম আৰু বিবাহৰ কাৰক গ্ৰহ বুলি কোৱা হয় যি সিংহ ৰাশিফল 2025 অনুসৰি 29 জুন 2025 ৰপৰা 26 জুলাই 2025 আৰু 02 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 পৰ্য্যন্ত সময়ছোৱাত আপোনাৰ বাবে ফলদায়ক হ’ব। লগতে, ই আপোনাক প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব।

সিংহ ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

সিংহ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, বৰ্ষ 2025 ত সিংহ ৰাশিৰ জাতকসকলৰ ভৰিৰ বিষ হ’ব পাৰে যাৰ ফলত শনি গ্ৰহ অষ্টম গৃহত স্থিত হ’ব। এই বৰ্ষত ৰাহু সপ্তম আৰু কেতু প্ৰথম গৃহত বিৰাজমান হ’ব যি আপোনাক স্বাস্থ্যজনিত সমস্যা প্ৰদান কৰিব পাৰে।

সপ্তম গৃহত শনি দেৱতাৰ উপস্থিতিক অনুকূল বুলি ক’ব পৰা যায় কাৰণ ই আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে। এনে পৰিস্থিতিত, আপুনি চাপৰ সম্মুখীন হ’ব পাৰে।

কিন্তু, সিংহ ৰাশিফল 2025 অনুসৰি মে’ 2025 ত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন শুভ হ’ব। ইয়াৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব।

সিংহ বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে হনুমান চালিশা পাঠ কৰক আৰু বিশেষভাৱে মঙ্গলবাৰে ইয়াৰ পাঠ কৰাটো ফলদায়ক হ’ব।
  • প্ৰতিদিনে 44 বাৰ “ঔঁ মন্দায় নমঃ” পাঠ কৰক।
  • দৈনিক আদিত্য হৃদয়ম স্তোত্ৰ 19 বাৰ পাঠ কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

সিংহ ৰাশিৰ জাতকসকলৰ 2025 বৰ্ষটোত আৰ্থিক জীৱন কেনে হ’ব?

বৰ্ষ 2025 ত সিংহ ৰাশিৰ জাতকসকলে আৰ্থিক জীৱনত মধ্যমীয়া ফল প্ৰাপ্ত কৰিব।

2025 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ বাবে কেনে হ’ব?

2025 বৰ্ষটোৱে সিংহ ৰাশিৰ জাতকসকলৰ বাবে সুযোগ আৰু সফলতা কঢ়িয়াই আনিব।

2025 বৰ্ষত সিংহ ৰাশিৰ জাতকসকলৰ জীৱনলৈ প্ৰেমৰ আগমন ঘটিব নেকি?

বৰ্ষ 2025 ত এই জাতকসকলে প্ৰেম জীৱনৰ সকলো সমস্যাৰ সমাধান পাব আৰু প্ৰেমৰ সম্পৰ্কক আগুৱাই নিব পাৰিব।

2025 বৰ্ষটো সিংহ ৰাশিৰ জাতকসকলৰ কেনেধৰণৰ স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে?

বৰ্ষ 2025 ত সিংহ ৰাশিৰ জাতকসকলৰ ভৰিৰ বিষ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে।