Personalized
Horoscope

তুলা ৰাশিফল 2025 (Tula Rashifol 2025)

এই বিশেষ তুলা ৰাশিফল 2025 তুলা ৰাশিৰ জাতকসকলৰ বৰ্ষ 2005ৰ প্ৰতি মনোযোগ ৰাখি প্ৰস্তুত কৰা হৈছে। এই ৰাশিফলৰ অধীনত নতুন বৰ্ষ অৰ্থাৎ 2005 ৰ তুলা ৰাশিৰ জাতকসকলৰ জীৱনৰ ভিন ভিন দিশ যেনো কেৰিয়াৰ, আৰ্থিক জীৱন, পৰিয়াল, প্ৰেম, বিবাহ, স্বাস্থ্য আৰু ব্যৱসায় আদিৰ বিষয়ে বিস্তৃত ফল প্ৰদান কৰিব। এই নতুন বৰ্ষটোৱে আপোনাৰ জীৱনলৈ কি কি পৰিৱৰ্তন লৈ আহিব? এই বৰ্ষটোত আপুনি জীৱনত ইতিবাচক ফল লাভ কৰিব নে? এই সকলোবোৰ তথ্য আপুনি তুলা বাৰ্ষিক ৰাশিফলত প্ৰাপ্ত কৰিব।

তুলা বাৰ্ষিক ৰাশিফল 2025

Read in English - Libra Yearly Horoscope 2025

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি তুলা ৰাশি হৈছে ৰাশিচক্ৰৰ সপ্তম ৰাশি যি বায়ু তত্ত্বৰ অধীনত আহে। এই ৰাশিৰ অধিপতি দেৱতা হৈছে প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰ আৰু ই প্ৰেম বিবাহকো প্ৰতিনিধিত্ব কৰে। অৱশ্যে, বৰ্ষ 2025 ৰ মে’ মাহৰ পিছৰ সময়খিনিয়ে আপোনাৰ কেৰিয়াৰ, আৰ্থিক জীৱন আৰু প্ৰেম জীৱনৰ বাবে সাধাৰণ ফলাফল কঢ়িয়াই আনিব কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহে পৰিবহন কৰিব। ইয়াৰ উপৰিও, এপ্ৰিল 2024 পৰ্য্যন্ত ই আপোনাৰ অষ্টম গৃহত স্থিত হ’ব।

ভাগ্যৰ কাৰক গ্ৰহ হিচাপে শনি দেৱতা এই বৰ্ষত ষষ্ঠ গৃহত বিৰাজমান হ’ব আনহাতে ছাঁয়া গ্ৰহ ৰাহু-কেতুৰ স্থিতিক বৰ্ষ 2025 ত অনুকূল বুলি ক’ব পৰা যাব কাৰণ কেতু আপোনাৰ একাদশ গৃহত আৰু ৰাহু আপোনাৰ পঞ্চম গৃহত উপস্থিত হ’ব। বৰ্ষটোৰ প্ৰথম ভাগ অৰ্থাৎ বৰ্ষ 2025 ৰ এপ্ৰিল পৰ্য্যন্ত সময়খিনি আপোনাৰ বাবে কিছু জটিল হ’ব পাৰে কাৰণ বৃহস্পতি গ্ৰহ আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। এনে পৰিস্থিতিত বৃহস্পতিৰ এই স্থিতিয়ে আপোনাক আপোনাক ধন লাভ প্ৰদান নকৰিব পাৰে আৰু এনে পৰিস্থিতিত আপুনি অসহজ অনুভৱ কৰিব পাৰে।

তুলা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ মে’ মাহত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন আপোনাৰ নৱম গৃহত হ’ব। এই সময়খিনিত বৃহস্পতি গ্ৰহে আপোনাক ধন লাভ আৰু সঞ্চয়ৰ ভাল সুযোগ প্ৰদান কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে এইখিনি সময়ত লাভ প্ৰাপ্ত কৰাৰ লগতে নিজৰ উপাৰ্জন বৃদ্ধি কৰিবলৈও সক্ষম হ’ব। অৱশ্যে, বৰ্ষ 2025 ত শনি মহাৰাজ আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব। আমি আপোনাক ইতিমধ্য়ে অৱগত কৰিছোঁৱেই যে শনিক তুলা ৰাশিৰ জাতকসকলৰ বাবে শুভ গ্ৰহ হিচাপে গণ্য ৰা হয় সেয়েহে ই আপোনাক ধন-সম্পত্তি আৰু সুখৰ সৈতে জড়িত ক্ষেত্ৰসমূহত সফলতা প্ৰদান কৰিব পাৰে।

মে’ 2025 ৰ পিছৰপৰা বৃহস্পতি গ্ৰহ আপোনাৰ নৱম গৃহত বিৰাজমান হ’ব। এনে পৰিস্থিতিত, এই গ্ৰহে আপোনাক ভাল ধন উপাৰ্জন কৰাৰ লগতে উন্নতিৰ সুযোগ প্ৰদান কৰিব। এইখিনি সময়ত আপুনি পৰ্যাপ্ত পৰিমাণৰ সঞ্চয় কৰিবলৈও সক্ষম হ’ব। কিন্তু, এপ্ৰিল 2025 ৰ পূৰ্বে বৃহস্পতি মহাৰাজ আপোনাৰ অষ্টম গৃহত উপস্থিত হ’ব আৰু ইয়াক আপোনাৰ বাবে অনুকূল বুলি ক’ব পৰা নাযায় কাৰণ এই সময়খিনিত আপুনি যি ধন উপাৰ্জন কৰিব সেয়া সঞ্চয় কৰাৰ ক্ষেত্ৰত অসফল হ’ব।

এই ৰাশিফল সামান্যকৃত ভৱিষ্যতবাণীহে, কিন্তু সোঁৱৰণিৰ আধাৰত তুলা ৰাশিৰ জাতকসকলে লাভ কৰিবলগীয়া পৰিণাম কিছু পৃথক হ’ব পাৰে।

এতিয়া আহক আগবাঢ়ি যাওঁ আৰু তুলা বাৰ্ষিক ৰাশিফল 2025 প্ৰৱন্ধটোৰ মাধ্যমেৰে তুলা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 ই কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিব সেই বিষয়ে জানো আহক।

এষ্ট্ৰোবাৰ্ত্তা : আমাৰ জ্যোতিষীসকলৰ সৈতে ফোনত কথা পাতক আৰু লাভ কৰক জীৱনৰ সকলো সমস্যাৰ সমাধান।

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: কেৰিয়াৰ

তুলা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ৰ মাৰ্চ মাহ পৰ্য্যন্ত তুলা ৰাশিৰ জাতকসকলৰ কেৰিয়াৰৰ কাৰক গ্ৰহ শনি দেৱতা আপোনাৰ পঞ্চম গৃহত থাকিব। ইয়াৰ পিছত, ই আপোনাৰ ষষ্ঠ গৃহত পৰিবহন কৰিব। আপোনাক জনাব বিচাৰিছোঁ যে শনিক তুলা ৰাশিৰ জাতকসকলৰ বাবে শুভ হিচাপে গণ্য কৰা হয় আৰু এনে পৰিস্থিতিত আপুনি যি কাম কৰিব তাতেই আপুনি ভাল ফল প্ৰাপ্ত কৰিব। আপুনি সুৰক্ষিত আৰু সন্তুষ্ট অনুভৱ কৰিব। তুলা ৰাশিফল 2025 অনুসৰি এইখিনি সময়ত আপুনি পদোন্নতি আৰু ইনচেণ্টিভৰ ৰূপত উন্নতি লাভ কৰিব যি কামৰ প্ৰতি থকা আপোনাৰ সমৰ্পণ আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপ হ’ব। আপুনি ভাল কামৰ আধাৰত কৰ্মক্ষেত্ৰত নিজৰ এক সুকীয়া পৰিচয় গঢ় দিবলৈ সক্ষম হ’ব।

তুলা ৰাশিৰ জাতকসকলৰদ্বাৰা কামত কৰা কঠোৰ পৰিশ্ৰমৰ বলত তেওঁলোকে জ্যেষ্ঠ বিষয়াসকলৰ দৃষ্টিত নিজৰ সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হ’ব যাৰ ফলত তেওঁলোকক সন্তুষ্ট দেখা যাব। আপুনি প্ৰসন্ন হৈ থাকিব আৰু এনে পৰিস্থিতিত প্ৰতিটো কাম আপুনি পূৰ্বৰ তুলনাত অধিক পেছাদাৰী মনোভাৱেৰে কৰিব পাৰিব।

তুলা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে এই জাতকসকলে এই বৰ্ষত চাকৰিৰ সোণালী সুযোগ লাভ কৰিব। লগতে, বিদেশৰপৰাও চাকৰিৰ সুযোগ লাভ কৰাৰ যোগ আছে আৰু এই ধৰণৰ সুযোগে আপোনাক সুখী কৰি তোলাৰ লগতে ধন-সমৃদ্ধি প্ৰদান কৰিব। ইয়াৰ বিপৰীতে, কোনো কোনো জাতকে নিজৰ দক্ষতাসমূহ চিনি পাবলৈ আৰু সেইবোৰক সঠিক দিশত আগবঢ়াই নিবলৈ সক্ষম হ’ব।

যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে কোনো কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা নকৰাকৈয়ে ভাল পৰিমাণৰ ধন প্ৰাপ্ত কৰিব পাৰিব। এয়া সম্ভৱ হোৱাৰ কাৰণ হৈছে শনি গ্ৰহ আপোনাৰ বাবে শুভ যি আপোনাৰ ৰাশিৰ ষষ্ঠ গৃহত বিৰাজমান হ’ব।

যদিহে আপুনি অংশীদাৰী ব্যৱসায় কৰে তেনেহ’লে আপুনি সহজেই সফলতা প্ৰাপ্ত কৰিব পাৰিব আৰু এনে পৰিস্থিতিত আপুনি যথেষ্ট লাভ প্ৰাপ্ত কৰিব পাৰিব। আপুনি আৰু আপোনাৰ অংশীদাৰে সফলতাৰ আনন্দ উপভোগ কৰা দোখা যবা।

অৱশ্যে, শনি গ্ৰহ 13 জুলাই, 2025 ৰপৰা 28 নৱেম্বৰ, 2025 ৰ সময়ছোৱাত পশ্চাদগামী অৱস্থাত থাকিব। ইয়াৰ ফলস্বৰূপে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত মধ্যমীয়া ফলাফল প্ৰাপ্ত কৰিব আৰু এনে পৰিস্থিতিত আপোনাৰ কেৰিয়াৰৰ উন্নতিৰ গতিও কিছু মন্থৰ হৈ পৰিব পাৰে। যেতিয়া শনি গ্ৰহ পশ্চাদগামী অৱস্থাত থাকিব তেতিয়া সেইখিনি সময়ত আপুনি চাকৰিৰ লগতে কামৰ ক্ষেত্ৰত বৰ্দ্ধিত চাপৰ সম্মুখীন হ’ব পাৰে।

তুলা বাৰ্ষিক ৰাশিফল 2025 অনুসৰি, যিসকল জাতকে নিজা ব্যৱসায় কৰে, তেওঁলোকে এই সময়খিনিক কোনো নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবে ভাল বুলি ক’ব পৰা নাযায়। কিন্তু, 22 ফেব্ৰুৱাৰী , 2025 ৰপৰা 31 মাৰ্চ, 2025 ৰ সমছোৱাত তুলা ৰাশিৰ জাতকসকলক নিজৰ কেৰিয়াৰত মনোযোগ কেন্দ্ৰিত কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে কাৰণ ওপৰত উল্লিখিত ভাল ফলসমূহ প্ৰাপ্ত কৰাটো জটিলো হ’ব পাৰে।

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: আৰ্থিক জীৱন

তুলা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ মে’ মাহৰপৰা তুলা ৰাশিৰ জাতকসকলৰ বাবে ধনৰ প্ৰৱাহ সুগম হ’ব। এনে পৰিস্থিতিত, আপুনি ধন উপাৰ্জন কৰাৰ লগতে সঞ্চয় কৰিবলৈও সক্ষম হ’ব।

অৱশ্য়ে, এপ্ৰিল 2025 পৰ্য্যন্ত এই জাতকসকলে জীৱনৰ বিভিন্ন ক্ষেত্ৰত মিশ্ৰিত পৰিণাম লাভ কৰিব কাৰণ বৃহস্পতি মহাৰাজ আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। বৃহস্পতিৰ এই স্থিতিৰ ফলস্বৰূপে আপুনি অধিকতৰ ধন উপাৰ্জন কৰিবলৈ অসফল হ’ব পাৰে। ইয়াৰ উপৰিও, যেতিয়া মাৰ্চ 2025 ৰপৰা শনি দেৱতা আপোনাৰ ষষ্ঠ গৃহত পৰিবহন কৰিব তেতিয়া আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন উপাৰ্জন কৰাৰ লগতে ভাল সফলতা প্ৰাপ্ত কৰিবলৈও সক্ষম হ’ব। এই জাতকসকলে পৈতৃক সম্পত্তিৰ মাধ্যমেৰে লাভ প্ৰাপ্ত কৰিব পাৰে যাৰ জৰিয়তে সফলতাই আপোনাৰ চৰণ স্পৰ্শ কৰিব।

ছাঁয়া গ্ৰহ হিচাপে ৰাহু আপোনাৰ পঞ্চম আৰু কেতু আপোনাৰ একাদশ গৃহত উপস্থিত হ’ব যি আপোনাৰ বাবে ধন প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ আৰ্থিক স্থিতি শক্তিশালী কৰি তুলিব পাৰিব। তুলা ৰাশিফল 2025 অনুসৰি পঞ্চম গৃহত ৰাহু স্থিত হোৱাৰ ফলস্বৰূপে এই জাতকসকলৰ জুৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে যাৰ ফলত আপোনাৰ ধন লাব হোৱাৰ সম্ভাৱনা আছে।

মে’ 2025 ৰপৰা বৃহস্পতি গ্ৰহ আপোনাৰ নৱম গৃহত স্থিত হ’ব আৰু এনে পৰিস্থিতিত আপুনি অধিকতৰ ধন উপাৰ্জন কৰাৰ লগতে সঞ্য় কৰিবলৈও সক্ষম হ’ব। লগতে, বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ আপোনাৰ ৰাশিৰ ওপৰত সদায় পৰিব আৰু ইয়াৰ ফলস্বৰূপে আপুনি উপাৰ্জন বৃদ্ধিৰ দিশত আগবাঢ়িব।

আপোনাৰ আৰু আপোনাৰ জীৱনসঙ্গীৰ নামৰদ্বাৰ কিমান গুণ মিলে? জানিবৰ বাবে এতিয়াই ক্লিক্ কৰক, নামৰপৰা গুণ মিলন

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: শৈক্ষিক জীৱন

তুলা বাৰ্ষিক ৰাশিফল 2025 য়ে ভৱিষ্যতবাণী কৰিছে যে বৰ্ষ 2025 ৰ এপ্ৰিল মাহ পৰ্য্যন্ত সময়খিনি তুলা ৰাশিৰ জাতকসকলৰ বাবে মধ্যমীয়া হ’ব কিয়নো বৃহস্পতি আপোনাৰ অষ্টম গৃহত স্থিত হ’ব। ইয়াৰ বিপৰীতে যেতিয়া মে’ 2025 ৰ পিছৰপৰা বৃহস্পতি আপোনাৰ নৱম গৃহত স্থিত হ’ব তেতিয়া সেই সময়খিনিত বৃহস্পতিয়ে আপোনাক সফলতাৰ দিশত লৈ যাব পাৰে।

ফেব্ৰুৱাৰী 2025 পৰ্য্যন্ত শনি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ’ব আৰু ইয়াৰ পিছত মাৰ্চ মাহৰপৰা আপোনাৰ চন্দ্ৰ ৰাশিৰ ভাগ্য গৃহ অৰ্থাৎ ষষ্ঠ গৃহত ই বিৰাজমান হ’ব। শনি ষষ্ঠ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন ভাল হ’ব আৰু আপুনি নিজৰ বিষয়সমূহত উৎকৃষ্টতা অৰ্জন কৰিব পাৰিব।

তুলা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে শনি মহাৰাজ পঞ্চম গৃহৰ স্বামী হিচাপে আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব যি আপোনাক সাহসেৰে পৰিপূৰ্ণ কৰি তুলিব আৰু শিক্ষাৰ ক্ষেত্ৰত আপোনাক সফলতা প্ৰদান কৰিব।

ছাঁয়া গ্ৰহ হিচাপে খ্যাত ৰাহু আৰু কেতু আপোনাৰ পঞ্চম আৰু একাদশ গৃহত স্থিত হ’ব। কেতু দেৱতাৰ এই স্থিতিৰ ফলস্বৰূপে আপুনি নিজৰ অধ্যয়নত অত্যন্ত সুন্দৰ প্ৰদৰ্শন কৰিব। এনে পৰিস্থিতিত, এই জাতকসকলে নিজৰ বুদ্ধিক তীক্ষ্ণ কৰিবলৈ সক্ষম হ’ব যি শিক্ষাৰ ক্ষেত্ৰত কৰি থকা প্ৰচেষ্টাৰ ফলস্বৰূপে সম্ভৱ হ’ব।

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: পাৰিবাৰিক জীৱন

তুলা ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ মে’ মাহৰপৰা তুলা ৰাশিৰ জাতকসকল পাৰিবাৰিক জীৱন ভাল হ’ব কাৰণ এই সময়খিনিত আপোনাৰ নৱম গৃহত হ’বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহন উত্তম হ’ব। আনহাতে, এপ্ৰিল 2025 পৰ্য্যন্ত বৃহস্পতি দেৱতা আপোনাৰ অষ্টম গৃহত স্থিত হ’ব যাৰ ফলস্বৰূপে আপুনি নিজৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে অহংকাৰৰ সৈতে জড়িত সমস্যাৰ সম্মুখীন হ’বলগীয়া হ’ব পাৰে।

মাৰ্চ 2025 ৰপৰা শনি দেৱতা আপোনাৰ ষষ্ঠ গৃহত স্থিত হ’ব যি পাৰিবাৰিক জীৱনত অনুকূল ফল প্ৰদান কৰিব।

শুক্ৰ গ্ৰহ আপোনাৰ ৰাশি স্বামী হিচাপে 29 জুনৰপৰা 26 জুলাই 2025 আৰু 20 নৱেম্বৰ 2025 ৰপৰা 26 নৱেম্বৰ 2025 ৰ সময়ছোৱাত আপোনাৰ পৰিয়াললৈ সুখ-আনন্দ কঢ়িয়াই আনিব আৰু ই আপোাক এই সম্পৰ্কবোৰৰ ক্ষেত্ৰত অনুকূল ফল প্ৰদান কৰিব। এনে পৰিস্থিতিত, আপুনি পৰিয়ালত উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ’ব।

আজি জোন কেতিয়া ওলাব? এয়া জানিবৰ বাবে ক্লিক্ কৰক।

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: প্ৰেম আৰু বৈবাহিক জীৱন

তুলা ৰাশিফল 2025 অনুসৰি বৰ্ষ 2025 ত তুল ৰাশিৰ যিসকল জাতকে বিবাব বন্ধনত সোমোৱাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এপ্ৰিল 2025 ৰ পিছৰ সময়খিনি উত্তম হ’ব কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ চন্দ্ৰ ৰাশিৰ নৱম গৃহত স্থিত হ’ব। যদিহে আপুনি পূৰ্বৰেপৰাই বিবাহিত তেনেহ’লে মে’ 2025 ৰ পিছত আপোনাৰ বৈবাহিক জীৱন উত্তম হ’ব। কিন্তু এপ্ৰিল 2025 ৰ পূৰ্বে আপুনি জীৱনসঙ্গীৰ সৈতে সম্পৰ্কত উত্থান-পতনৰ সম্মুখীন হ’ব পাৰে কিন্তু মে’ৰ পিছত আপোনাৰ প্ৰেম জীৱন প্ৰেমপূৰ্ণ হ’ব।

আমি জানো যে শনি দেৱতা হৈছে আপোনাৰ পঞ্চম গৃহৰ স্বামী সেয়েহে বৰ্ষ 2025 ত আপোনাৰ প্ৰেম জীৱন অনুকূল হ’ব। এনে পৰিস্থিতিত, আপোনাৰ সম্পৰ্কত প্ৰেম বৃদ্ধি হ’ব।

ছাঁয়া গ্ৰহ কেতু আপোনাৰ একাদশ গৃহত আৰু ৰাহু আপোনাৰ পঞ্চম গৃহত উপস্থিত হ’ব। এই স্থিতিয়ে বৰ্ষ 2025 ত আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনক শক্তিশালী কৰি তুলিব। এইখিনি সময়ত আপুনি সঙ্গীৰ ভাৱনাসমূহ বুজিবলৈ সক্ষম হ’ব যাৰ ফত আপোনালোকৰ মাজৰ প্ৰেম-ভালপোৱা বৃদ্ধি হ’ব।

তুলা ৰাশিৰ জাতকসকলৰ বাবে বাৰ্ষিক ৰাশিফল: স্বাস্থ্য

তুলা বাৰ্ষিক ৰাশিফল 2025 য়ে প্ৰকাশ কৰিছে যে বৰ্ষ 2025 ৰ মাৰ্চ মাহৰপৰা শনি দেৱতাৰ ষষ্ঠ গৃহত স্থিতিয়ে আপোনাৰ স্বাস্থ্য ভাল কৰিব তুলিব। ইয়াৰ উপৰিও, মে’ 2025 ৰপৰা বৃহস্পতি মহাৰাজ নৱম গৃহত স্থিত হোৱাৰ ফলত আপোনাৰ স্বাস্থ্য উত্তম হ’ব।

তুলা ৰাশিফল 2025 অনুসৰি পঞ্চম গৃহত ৰাহু আৰু একাদশ গৃহত কেতু স্থিত হোৱাৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাল হ’ব। ইয়াৰ উপৰিও নৱম গৃহত বৃহস্পতি গ্ৰহৰ স্থিতিৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি হ’ব। কিন্তু, এপ্ৰিল 2025 ৰ পূৰ্বৰ সময়ছোৱাত আপোনাৰ ডিঙি আৰু ছালৰ লগত জড়িত কোনো সমস্যা হ’ব পাৰে।

ইয়াত ক্লিক্ কৰি বিনামূলীয়াকৈ কৰক, নামৰপৰা সোঁৱৰণি মিলন !

তুলা বাৰ্ষিক ৰাশিফল 2025: প্ৰভাৱশালী উপায়

  • প্ৰতিদিনে দুৰ্গা চালিশা পাঠ কৰক।
  • শনিবাৰে ৰাহু গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।
  • বৃহস্পতিবাৰে বৃহস্পতি গ্ৰহৰ বাবে যজ্ঞ/হোম কৰক।

নিজৰ ৰাশি অনুসৰি পঢ়ক, সকলোতকৈ সঠিক নিজৰ আজিৰ ৰাশিফল

আমি আশা কৰিছোঁ যে এই প্ৰৱন্ধটো আপুনি নিশ্চয় ভাল পাইছে। MyKundali ৰ সৈতে জড়িত হৈ থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ!

সঘনাই সোধা প্ৰশ্ন

তুলা ৰাশিৰ জাতকসকলৰ বাবে 2025 কেনে হ’ব?

বৰ্ষ 2025 ত তুলা ৰাশিৰ জাতকসকলক শনি দেৱতাই কেৰিয়াৰত ভাল ফল প্ৰদান কৰিব।

তুলা ৰশিৰ জাতকসকলৰ বাবে কোনটো গ্ৰহ শুভ?

তুলা ৰাশিৰ জাতকসকলৰ বাবে শুক্ৰ গ্ৰহৰ পূজা কৰাটো ফলদায়ক হ’ব।

বৰ্ষ 2025 তুলা ৰাশিৰ জাতকসকলৰ বাবে আৰ্থিক দিশৰপৰা শুভ হ’ব নে?

তুলা ৰাশিৰ জাতকসকলৰ বাবে বৰ্ষ 2025 আৰ্থিক দিশৰপৰা শুভ হ’ব।

তুলা ৰাশিৰ জাতকসকলে ধন প্ৰাপ্তিৰ বাবে কি কৰা উচিত?

তুলা ৰাশিৰ জাতকসকলে মাতা লক্ষ্মীৰ পূজা কৰা উচিত।